পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
প্ৰবাত।

  আকৌ, নিৰক্ষবৃত্ত পাৰ হৈ দক্ষিণলৈ সূৰ্য্য গলে যেতিয়া কাতি, আঘোন্‌, পুহ, মাঘ মাহত, ভাৰতবৰ্ষ, ব্ৰহ্ম প্ৰভৃতি দেশ বিলাক চেচা হয় আরু নিৰক্ষবৃত্তৰ দক্ষিণে থকা অষ্ট্ৰেলিয়া প্ৰভৃতি ঠাই বিলাক তপত হয়, দক্ষিণ ফালৰ পৰা ওপৰলৈ উঠা তপত বায়ুৰ ঠাই লবলৈ হিমালয়ৰ উত্তৰৰ পৰা আরু ভাৰতবৰ্ষ, ব্ৰহ্মদেশ, বঙ্গ উপসাগৰ ইত্যাদি ঠাইৰ পৰা চেচা বায়ুৰ এটি সোঁত বয়। ইয়াৰ গতি ভাৰতবৰ্ষ আরু বঙ্গোপসাগৰত ঈশান কোণৰ পৰা নৈঋত কোণলৈ; এই কাৰণে এই বায়ু প্ৰবাহক ঐশানিক মৌচুম কয়। “আসাম দেশত ইয়াক কুরুৱা বতাহ বলে। এই সময়ত হিমালয়ৰ তুষাৰাবৃত শিখৰাগ্ৰ চুই অহা বাবে ঐশানিক মৌচুম বৰ চেচা আরু শুকান আরু সেই বতাহৰ বেগ যিমান বেচি হয় সিমান জাৰ টান হয় আরু মানুহৰ গা ফাটে। ঐশানিক মৌচুম বা কুরুৱা বতাহ বোৱাৰ আৰম্ভৰে পৰা নৈৰ পানী শুকাবলৈ ধৰে আরু গগণমাৰ্গ নিৰ্মেঘ হৈ ক্ৰমে উজ্জ্বল নীল বৰণ ধাৰণ কৰে। কাৰণ উত্তৰৰ চেচা প্ৰদেশৰ পৰা চেচা বায়ু, দক্ষিণলৈ আহি আগতকৈ তপত হোৱাত ভাপ ধৰিব পৰা ক্ষমতা বাঢ়ে আরু মেঘ স্বরূপ দৃষ্ট ভাপ অৰ্থাৎ পানীৰ কণিকা বিলাকক পুনৰ অদৃষ্ট কৰি নতুনকৈ অহা বায়ুক সেই কাৰ্য্য আরম্ভ কৰিবলৈ ঠাই দি দক্ষিণলৈ হুহকি যায়। ঐশানিক মৌচুমৰো বিপক্ষ মৌচুম আছে অৰ্থাৎ আকাশৰ ওপৰেদি নৈঋত্য কোণর পৰা মৌচুম বাত বয়। ইয়াৰ লগতে কিছুমান সাগৰৰ ভাপ আহি আমালোকক পুহ, মাঘ, ফাগুণ, চত মাহতো বৰষুণ দিয়ে। এক মৌচুম বাত স্থগিত হৈ আন মৌচুম বাত আৰম্ভ হোৱাৰ সময়ত দুই বিপক্ষা গত বাতৰ পৰস্পৰৰ আঘাতত ধুমুহা, তুফান আদি ঘূৰ্ণী-বাতৰ বেগ সাধাৰণ বায়ুৰ সোঁতৰ বেগতকৈ টান হয়। চতমহীয়া যি ধুমুহা আমাৰ দেশত হয় তাক কৰি কল্পনা মতে বিহু খাবলৈ যোৱা বৰদৈচিলাৰ যাত্ৰা বুলি জনা আছে। ঘুৰ্ণী