গতি সকলো ঠাইতে একে দিশে হল হেতেন কিন্তু খলা-বমা বুলি পৰ্ব্বত উপত্যকার দিশ ধৰি ঠাইয়ে ঠাই মূল গতির কিছু লৰ হয়। আসাম উপত্যকাৰ ভাটী ভাগ পূবা-পশ্চিমা আৰু উজান ভাগ প্ৰায় নৈঋত্য-ঈশানা; এই হেতু ভাটী আসামত নৈঋত মৌচুম বাত পশ্চিমৰ পৰা পূবলৈ বয় আরু উজনিত প্ৰায় নৈঋত কোণর পৰা ঈশান কোণলৈ বয়। প্ৰধানকৈ পশ্চিমৰ পৰা বয় বুলি নৈঋত্য মৌচুমক আমাৰ মানুহে পচোৱা বতাহ বোলে। পৰ্ব্বতৰ গাত বায়ুৰ সোঁতৰ ঠেলা লাগিলে বায়ু, অতি বেগেৰে তাৰ শিখৰৰ ফাললৈ উঠি যায় আরু শীঘ্ৰ বেচি চাপ পৰা ঠাই এৰি কম চাপ পৰা ঠাইলৈ ওফন্দি পৰে আরু সোনকালে বৰ চেচা হয় তাতেই অনেক অংশে ভাপ খিনি বৰষুণ হৈ তললৈ পৰে। এই নিমিত্তে পৰ্ব্বতীয়া ঠাইত বৰষুণ সৰহকৈ পৰে। চিৰাপূঞ্জীত ইমান বেছি বৰষুণ হোৱাৰ কাৰণ এই এটা। “চিৰা পুঞ্জীর পৰ্ব্বত বিলাক দক্ষিণ ফালৰ পৰা একেবাৰে থিয় হৈ উঠিছে; এই নিমিত্তে নৈঋত্য মৌচুম বাত,তপত বঙ্গ সম থলৰ ওপৰেদি আহি প্ৰথমে সেই পৰ্ব্বতৰ গাত খুন্দা খাই আরু বেগে ওপৰলৈ উঠি লগত থকা পানীৰ ভাপ খিনি বৰষুণ কৰি মূষলৰ ধাৰে পৰ্ব্বতত ঢালি দিয়ে। ” কোনো স্থলত পৰ্ব্বতৰ গাত ঠেলা লাগি বায়ুৰ সোঁত উভতি আহে। আসাম দেশত এনে ঘটনা প্ৰায় দেখা যায়। যদি বতাহ মাটিৰ ওচৰত পূবলৈ বয় ওপৰৰ ডাৱৰ বিলাক বতাহৰ কোবত পশ্চিমলৈ চলা দেখা যায়। কেতিয়াবা ওপৰৰ আরু তলৰ ডাৱৰ দূতৰপ দুই বিপৰীত দিশৰ পৰা চলাও দেখি কিন্তু বায়ুৰ বিপক্ষ গতি অকল এই দরেই নহয়। নৈঋত্য মৌচুম বলোতে যি বায়ু ভাৰতবৰ্ষত তপত হৈ ওপৰলৈ উঠে সি আকৌ নৈঋত্য কোণত কম্তি হোৱা বায়ুৰ ঠাই ভৰিবলৈ ওপৰে দি ঈশান কোণৰ পৰা যায়। বায়ুৰ এইটি সোঁতক বিপক্ষ মৌচুম কয়।
পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৪৪
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
প্ৰাকৃত-ভূগোল।