পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৪১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
প্ৰবাত বায়ু।

প্ৰথম অধ্যায়ত কৈ অহা হৈছে; অৰ্থাৎ পৃথিবী গোলাকাৰ হোৱাত তাৰ সকলো ভাগ সূৰ্য্যৰ ৰশ্মিত সমানে তপত নয়। দ্বিতীয় কাৰণ এই যে সমান বেলি সমান তাপ পালেও মাটি আৰু পানী সমানে তপত নহয় আরু সমান বেলিত চেচা হবলৈ দিলেও, সমানে চেচা নহয়। এসেৰ ইটা আরু এসেৰ পানীক সমান সময় জুই একুৰাৰ ওপৰত তপতালে ইটা পানীত কৈ বেচি তপত হব। আরু চেচা হবলৈ দিলে সমান সময়ৰ ভিতৰত বেচি চেচা হব। এই কাৰণতে সাগৰত বা সাগৰৰ কাৰত জাৰ জহৰ বৰ তাৰতম্য নহয় কিন্তু সাগৰৰ পৰা আঁতৰ দেশত হলে হয়। কলিকতা আরু পূৰিতকৈ বঙ্গ দেশৰ অন্তৰ-প্ৰদেশত আরু বঙ্গদেশতকৈ মুলতান আরু দিল্লীৰ অঞ্চলত জাৰ কালি অধিক জাৰ আরু জহ কালি অধিক জহ হয়। যদি পৃথিবীৰ বায়ু সদা সৰ্ব্বদা স্বভাৱতে অসমান রূপে তপত হৈ থাকে তেনে হলে বিশেষ প্ৰতিবন্ধকতা নহলে যে সদা সৰ্ব্বদা বায়ু চঞ্চল হব, ই একো আচৰিত নহয়।

মাটি আরু পানী তপত হোৱা স্বভাৱত যি লৰ দেখা গৈছে তাৰ কাৰণে দিনৰ বেলা সাগৰতকৈ সাগৰৰ পাৰ বেচি তপত হৈ উঠে কিন্তু ৰাতি হলে মাটি একে সময়ৰ ভিতৰতে পানীতকৈ বেচি চেচা হয়। এই হেতু সিহতৰ সংসৰ্গত বায়ুও এঠাইত তপত এঠাইত চেচা হয়। তপত বায়ু পাতল হৈ ওপৰলৈ উঠে চেচা বায়ু তপত বায়ুৰ ঠাই লবলৈ বৈ আহে। এই বাবে দিনত সাগৰৰ পৰা বামলৈ বায়ুৰ সোঁত বয় আরু ৰাতি বামৰ পৰা সাগৰলৈ বা বলে। সাগৰৰ পৰা বলা বাৰ নাম সাগৰৰ বা, আরু পাৰৰ পৰা যোৱা বাৰ নাম পাৰৰ বা দিয়া হয়। দিনত সূৰ্য্যৰ তাপত জৰাবস্থা পোৱা মানুহৰ পক্ষে সাগৰৰ বা বৰ সুখ জনক। সাধাৰণতে সূৰ্য্য উদয় হোৱাৰ কিছু সময়ৰ পাছৰ পৰা অলপ-অলপ সাগৰৰ বা গাত লাগে; কিন্তু ক্ৰমে বেগ টান হৈ তিনি বজাত বৰ প্ৰবল