পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
প্ৰাকৃত-ভূগোল।

বায়ুৰ সংসৰ্গত ক্ৰমে চেচা হৈ যিমান ওখত কাসৰৰ বায়ুৰ সমানে চেচা হয় আরু সেই কাৰণে তাৰ সমানে লঘু হয় তিমান ওখতকৈ ওপৰ নুঠে; তাতে বিস্তাৰিত হৈ পৰে। তলত জুইৰ পৰা কিছু আঁতৰত চাৰিও ফালে আধা পোৰা খেৰ বা কলামাৰলি থাকিলে তাৰ ধোঁৱা, থিয় হৈ নুঠে কিন্তু মাজৰ ধোৱাঁৰ স্তম্ভৰ ফাললৈ হালি গৈ তাৰে মিলি ওপৰলৈ যায়। বতাহ নহলে ধোৱাঁ পোনে পোনে উঠে ঢাল খাই নাযায়; অৱশ্যে চাৰিও ফালৰ আধা পোৰা খেৰ ৰা কলামাৰলিৰ পৰা মাজৰ ধোঁৱা-স্তম্ভৰ গুৰিলৈ অলপ বতাহ বলে; এই কাৰণেই কাসৰৰ পৰা মাজলৈ ধোৱাঁ হালি যায় এই স্থলত ওপৰত কৈ অহা ক্ৰম ঘটিছে। মাজৰ বায়ু তপত হৈ প্ৰথমে ওপৰলৈ উঠে তাৰ পাছত তাৰ ঠাই লবলৈ ওচৰৰ বাযু যায়। সেই কাৰণে গাওঁ ৰা নগৰ পুৰিলে জুইৰ ফাললৈ বতাহ বয়। ইউনাইটেডষ্টেটচ্‌ ৰাইজৰ চিকাগ নগৰ আৰু ১৬৬৬ খ্ৰীঃ অব্দত লণ্ডন নগৰ পোৰোঁতে কাসৰৰ পৰা জুইৰ ফাললৈ বৰ ধুমহাৰ বেগেৰে বতাহ বৈছিল। আমেৰিকাৰ প্ৰেৰী নামে বতানিত দাৱাগ্নি হলেও তদ্ৰূপ ধুমুহা হয়।

  যদি জুইৰ তাপত বায়ুৰ গতি সাধন হব পাৰিলে, সূৰ্য্যৰ তাপত হবলৈ কোনো বাধা নাই। দুই কাৰণৰ মাজত ভিন্ন এই যে জুইৰ তাপ যিমান টান সূৰ্য্যৰ সিমান তাপ পৃথিবী পৃষ্ঠত পোৱা নাযায়। সুতৰাং সূৰ্য্যৰ তাপত উৎপন্ন হোৱা বতাহৰ গতিও সিমান বেগৰ নহয়; আৰু সূৰ্য্য ভাপে একে সময়তে বহুত বহল ঠাই যুৰি ধৰে বুলি তাৰ উৎপন্ন তাপত হোৱা বতাহৰ খেলোৱা ঠাইও বৰ বিস্তীৰ্ণ। যতে ততে, বায়ুএ অসমান রূপে তাপ পালেই বাযুৰ সোঁত হয়। কলামৰলিৰ জুইৰ দৃষ্টান্তত জুইৰ ওপৰৰ বায়ু যিমান তপত কাসৰৰ খিনি সিমান তপত নহয় বৰং চেচা। পৃথিবীৰ বায়ু স্বভাৱতে এনে; অৰ্থাৎ অসমানকৈ তপত হয়। তাৰ এক কাৰণ