কাক মানুহে নিয়ৰ বোলে। কেতিয়াবা নিয়ৰ বিলাক বৰ জাৰত গোট মাৰি পাতৰ ওপৰত কঁড়ালৰ দৰে ধৰে; ইয়াৰ দ্বাৰা ইংলণ্ড আদি উত্তৰৰ দেশ বিলাকত শস্যৰ বৰ হানি হয়। আমাৰ দেশত ইয়াক দেখিবলৈ নাই।
প্ৰবাত বায়ু।
বৃষ্টি আৰু বাত দুইৰো মূল কাৰণ সূৰ্য্য। সূৰ্য্যৰ কিৰণ সমুদ্ৰৰ পানীত পৰিলে কিরূপে সেই পানী মেঘ বৰষুণ, নিয়ৰ ইত্যাদি রূপলৈ পৰিবৰ্ত্তন হয় তাক ওপৰৰ অধ্যায়ত দেখুৱা হৈছে। এই অধ্যায়ত দেখা যাব যে সূৰ্য্যৰ কিৰণেই বায়ুৰ গতি হোৱাৰো আদি কাৰণ। সকলো বস্তু তপত হলে বাঢ়ে; এই কথাৰ প্ৰমাণ পদাৰ্থদৰ্শনত আছে। এই গুণটি কঠিন পদাৰ্থতকৈ তৰল বস্তুৰ বেচি, তাতোকৈ বাস্পীয় বস্তুৰ আরু বেচি। বায়ু সূৰ্য্যৰ তাপত উতপ্ত হলে তার আকাৰ বাঢ়ে আরু আকাৰ বঢ়াত ওচৰৰ চেচা বায়ুতকৈ লঘু হয়; সেই নিমিত্তে আকাশলৈ উঠে আরু তাৰ ঠাই লবলৈ তলত চাৰিও দাঁতিৰ পৰা বায়ু চাপি আহে। এই দৰেই বায়ুৰ গতি হয় আরু গতি থকা বায়ুকে বাত, বা বতাহ বোলে। পানী এথালিৰ তলত জুই দিলে যি রূপে পানীৰ সঞ্চালন হয় সেই দৰে ভূপৃষ্ঠৰ তাপ লাগি বায়ুৰ সঞ্চালন হয়। তাপ লাগিলে যে বায়ুৰ গতি হয় ইয়াৰ প্ৰমাণ সাধাৰণ জুই একুৰা ধৰিলেই পোৱা যায়। বতাহ নথকা সময়ত এসোপা খেৰ বা শুকান কলামাৰলি পুৰিলে দেখা যাব যে ঠিক মাজৰ পৰা ধোৱাঁৰ স্তম্ভ এটি ওপৰলৈ উঠে; কিছু দূৰ গৈ অন্তত ধোৱাঁ বিস্তাৰিত হৈ পৰে। জুইৰ ওপৰৰ পৰা যোৱা তপত ধোঁৱা ওচৰৰ