পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২৫
বায়ু আরু তাৰ ওপৰত সূৰ্য্যৰ ক্ৰিয়া।
 

কেবা জনৰ অঙ্গ প্ৰত্যঙ্গ উখহিল, আৰু কাৰো কাৰো নাকে মুখে তেজ ওলাল। প্ৰফেচৰ ডি চঁচ্‌চু‌ৰ নিজৰ শৰীৰ নিচেই লঘু যেন পাইছিল; তেঁওৰ উসাহ প্ৰায় বন্ধ হৈছিল। তেঁওৰ নাৰিয়ে আগৈয়ে যত ৭০ বাৰ কোবাইছিল তেতিয়া ১০০ বাৰ কোবাইছিল।

 পুৰাতন হিন্দু সকলে আৰু পূৰ্ব্বৰ গ্ৰীক ৰোমান ইত্যাদি জাতি বিলাকে বায়ুক এট রুঢ় পদাৰ্থ বুলি মানিছিল। কিন্তু নব্য পণ্ডিত বিলাকৰ মাজত কেবাটাও রুঢ় পদাৰ্থেৰে মিহলি বুলি গণ্য হৈছে। আগৰ পঞ্চভূতৰ স্থলত ৬৪ ভূত আছে বুলি তেওঁ বিলাকে মানে; এই ৬৪ ভূতৰ মাজৰ প্ৰধানকৈ অম্লজান আরু যবজান নামেৰে দুটি বাস্পীয় রুঢ় পদাৰ্থৰ মিশ্ৰৰ পৰা বিশুদ্ধ বায়ু উৎপন্ন হৈছে। কোনো এটিৰো সোৱাদ, গন্ধ, বৰণ নাই, সেই নিমিত্তে ৰস, ঘ্ৰাণ, আরু দৰ্শন তিনিও ইন্দ্ৰিয়ৰ বাহিৰ। কিন্তু দুইকো স্পৰ্শ-ইন্দ্ৰিয়ৰ দ্বাৰায় অনুভব কৰিব পাৰি। আরু উপায়ান্তৰ দ্বাৰা দুইকো এরুৱাব আরু জুখিব পাৰি। এই দুটি বাষ্পক দ্ৰৱ বা কঠিন কৰা ইমান টান যে অলপ্ দিনলকে সিহঁতক চিৰস্থিত বাষ্প বুলিছিল। অম্লজান আৰু যবজানৰ বাহিৰে বায়ুত পানীৰ পৰা উঠা ভাপ থাকে। এই ভাপ আন একো নহয় মাত্ৰ বাষ্প অৱস্থা পোৱা পানী।

  বায়ুৰ নমুনা যৰে পৰা আনি পৰীক্ষা কৰি চোৱা যায়, তাত থকা অম্লজান অৰু যবজানৰ সমানুপাতিক পৰিমাণ সকলোতে একে হোৱাৰ প্ৰমাণ পোৱা গৈছে; কিন্তু ভাপৰ অনুপাতিক পৰিমাণ একে নাথাকে আরু সি সহজে দ্ৰৱ হয় আরু সেই দ্ৰৱ-পানী সহজে আকৌ ভাপ হব পাৰে। তাপ অনুসৰি বায়ুত কম বা বেচি পানীৰ ভাপ থাকিব পাৰে। কোনো নিৰ্দ্দিষ্ট তাপ পৰিমাণত বায়ুএ ভাপৰ কোনো নিৰ্দ্দিষ্ট পৰিমাণতকৈ বেছি পৰিমাণ ধৰিব নোৱাৰে আরু যেতিয়া ধৰিব পৰা এটাই খিনি ভাপ নিজৰ লগত মিহলাই ৰাখে

তেতিয়া বায়ু পূৰ্ণসিক্ত বুলি কয়। বায়ুৰ তাপ বেচি হলে সৰহকৈ