পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
প্ৰাকৃত-ভূগোল।

০.৪ ফা তাপ। জাৰৰ নিমিত্তে তাতকৈ ওপৰলৈ উঠিব নোৱাৰি তেও নামি আহিব লগা হল”।

  মুৰৰ ওপৰত দেখা বায়ু মণ্ডলক আকাশ কয়। আকাশৰ বৰণ নীল; কিন্তু বিশুদ্ধ বায়ুৰ বৰণ নাই; যি নীল বৰণ দেখা যায় সেই বৰণ বায়ুত থকা পানীৰ ভাপৰ পৰা ওলাইছে। ভাপ, পানী, বৰফ, তিনিৰো বৰণ ঈষৎ নীল, বহু পৰিমাণে একেলগে থাকিলে নীলা দেখা যায়। পৃথিবীৰ ওচৰৰ বায়ুত সৰহকৈ ভাপ থকা বাবে আকাশ নীলা যেন দেখি। কিন্তু ওপৰলৈ আকাশৰ বৰণ ক্ৰমে নীল গুচি ঘোৰ কলা হৈছে। বহুত ওপৰত বায়ু মণ্ডলৰ কেনে ভাৱ তাক কিছু পৰিমাণে তলত বৃত্তান্তৰ পৰা জানিব পৰা হয়। প্ৰফেচৰ ডি চঁচ্‌চুর নামে জিনিভাৰ এজন পণ্ডিতে এল্পচ্‌ শ্ৰেণীৰ মণ্টব্লেঙ্কশিখৰত উঠিছিল। তেওঁ দিয়া বিবৰণমতে তেওঁৰ লগত যি বায়ুমান যন্ত্ৰ নিছিল, জিনিভাত তাৰ পাৰা ৩০ ইঞ্চিত আছিল। উঠি যাওঁতে ক্ৰমে কমি শিখৰৰ ওপৰত ১৬ ইঞ্চিত ৰৈছিল। মণ্টব্লেঙ্ক সাগৰৰ জল সীমাৰ পৰা ১৫,৭৩০ ফুট বা প্ৰায় ৩ মাইল ওখ। সিমান ওপৰত বায়ু যে অত্যন্ত সেৰেঙ্গা তেওঁ তাৰ প্ৰত্যক্ষ প্ৰমাণ পালে। তেওঁৰ চাৰিওফালে জগৎ সম্পূৰ্ণ নিস্তব্ধ; তলৰ জনপূৰ্ণ সংসাৰ যেন একেবাৰে স্পন্দ হীন হৈ অমাত হল। তেওঁৰ ওচৰতে লগৰ মানুহে গোটেইে বলেৰে চিঞৰাতো সিহঁতৰ মাত মৃদু স্বৰ যেনহে লাগিছিল। ওপৰলৈ চায়, আকাশ ঘোৰ কৃষ্ণবৰ্ণ তলত থাকি আকাশৰ যি মনোৰঞ্জন নীলবৰণ দেখা- গৈছিল, সেই বৰণ আৰু নাই, তাৰ পৰিবৰ্ত্তে জানিবা ৰাতিকালৰ ঘোৰ কলা অন্ধকাৰ আকাশ কিন্তু সেইয়ে চন্দ্ৰ তাৰা বিহীন*।


 * মণ্টবেঙ্ক পৰ্ব্বততকৈও ওখ ঠাইলৈ যাব পৰা হেতেন ঘোৰ কলা অন্ধকাৰ আকাশত দিনতে তৰা দেখা গল হেতেন। মাত্ৰ পৃথিবীৰ ওচৰত ভাপ পূৰ্ণ বায়ু নিজে উজ্জ্বল হৈ থকাত দিনতে তৰা বিলাক প্ৰকাশ নাপায়।