পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
বায়ু আরু তাৰ ওপৰত সূৰ্য্যৰ ক্ৰিয়া।

চাকনি স্বরূপ, সমুদায় বায়ুমণ্ডল খনি বৰ ডাঠ নহয়। মাত্ৰ ১ ফুট ব্যাসৰ এটি গোলক চিৰামপুৰিয়া তুলাপাত দুখন মেৰাই ঢাকিলে, দুইৰো মাজত যেনে পৰিমাণ হব পৃথিবী আরু বায়ুৰ মাজত তেনে অনুপাত হব।

  বায়ুমণ্ডলৰ সকলো প্ৰদেশ সমানে তপত নহয়। ক্ৰমে ওপৰলৈ চেচা। এই কথা পাঠক সকলে প্ৰথমতে পতিয়াবলৈ টান পাব। তথাচ ই সঁচা আরু তাৰ কাৰণ আছে; তোমালোকে ভাবিব পাৰা যে সূৰ্য্যৰ ওচৰলৈ যিমান যোৱা হয় বায়ুক সিমান বেচিকৈ তপত পোৱা যায়, চেচা হব নাপাই। যি তাপত বায়ু তপত হয় সেই তাপ বায়ুএ সূৰ্য্যৰ পৰা পোনেই পোৱা হলে তোমালোকৰ অনুমান ঠিক হল হেতেন। কিন্তু বায়ু সূৰ্য্যৰ বিকীৰ্ণ তাপত তপত নহয়। আৰ্চি যেনেকৈ পোহৰৰ নিমিত্তে স্বচ্ছ অৰ্থাৎ তাৰ মাজেদি পোহৰ অবাধে আহিব পাৰে অথচ আৰ্চিক উজ্জ্বল নকৰে সূৰ্য্যৰ বিকীৰ্ণ পোহৰ আরু তাপৰ নিমিত্তে বিশুদ্ধ বায়ুও সেই দৰে স্বচ্চ। বিশুদ্ধ বায়ুক তপত নকৰাকৈ তাৰ মাজেদি অবাধে সূৰ্য্যৰ তাপ আহি প্ৰথমতে পৃথিবী তপত কৰে; আরু তপত ভূপৃষ্ঠৰ সৈতে বায়ুৰ সংস্পৰ্শ হোৱাত তাপ পৰিবাহিত হৈ বায়ু, তপত হয়। পৃথিবীৰ পৰা তাপ পায় বুলি তাৰ পৰা যিমান আঁতৰত থাকে বায়ু সিমান চেচা। ভাপ স্বভাৱতে তাপর পক্ষে স্বচ্চ নহয়; তাপ পালে সি নিজে উত্তপ্ত হয়। এই হেতু বায়ুত ভাপ মিহলি থকা বাবে বায়ুৰ তাপ সম্বন্ধে স্বচ্চ গুণটো কম হৈছে তথাচ ইয়াৰ পৰিমাণ বেচি নোহোৱাত আরু ওপৰলৈ ভাপ প্ৰায় সমূলি নথকাত বায়ুৰ নিজগুণ টোৰ বহুত ন্যূন হোৱা নাই। “ইংলণ্ডৰ গ্ৰেচীয়ৰ নামে পণ্ডিত এজনাই বেলুনত উঠি ওপৰলৈ এইদৰে তাপ কম পালে; প্ৰথম হেজাৰ ফুটত ৭.২ ফা তাপ, দ্বিতীয় হেজাৰ ফুটৰ ভিতৰত ৫.৩ ফা; ১৪০০০ পৰা ১৫০০০ ফুটলকে ২.১ ফা আরু ২৮০০০ পৰা ২৯০০০ ফুটলকে