পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
প্ৰাকৃত-ভুগোল।

যে বৰ কষ্ট আরু কোনো মানুহে যে আজিলকে অতি ওখ পৰ্ব্বতৰ শিখৰ পোৱাগৈ নাই তাৰ কারণ ইও এটা। অনুমান কৰোঁ ৪৪ মাইলৰ ওপৰত বায়ু ইমান সেৰেঙ্গা হব যে আমালোকৰ ইয়াত হোৱা তুফানৰ বেগেৰে তাত বতাহ বলেও কিজানি গম পোৱা নেযাব। বায়ু ক্ৰমে ওপৰলৈ পাতল হোৱাৰ দুটা কাৰণ আছে; প্ৰথমতে, বায়ুৰ ভাৰ আছে; দ্বিতীয়ত, বায়ু সংক্ৰামক অৰ্থাৎ হেচাদি বায়ুক কোঁচাব পাৰি। বায়ু যে সংক্ৰামক তাক প্ৰমাণ কৰিবলৈ বহু যতন নালাগে। বায়ু ওলাব নোৱাৰা এটা চালৰ ফিচ্‌কা‌ৰিত মুখে দি বায়ু সোমাবলৈ দি আঙ্গুলি টিপাৰে মুখ বন্ধ কৰি লৈ ঠাৰিত যিমান হেচা দিয়া হয় ঠাৰি সিমান সোমাই যাব অৰ্থাৎ বায়ু সিমান কুচি যাব; হাত এৰি দিয়া মাত্ৰ আগৰ ঠাই যুৰি লব; বায়ুৰ এই দুই গুণ জানিলে সি যে ওপৰলৈ ক্ৰমে সেৰেঙ্গা হব তাক বুজা অলপো টান নহয়। তলত থকা বায়ুৰ তৰপে ওপৰৰ তৰপৰ ভাৰ পাই সঙ্কোচ হয় সেই নিমিত্তে তলৰ তৰপ ওপৰৰ তৰপতকৈ ঘন। আকৌ ৩য় তৰপে ১ম + ২য় তৰপৰ হেচা সহিব লগাত সি আরু ঘন হয়। এই দৰে নিচেই তলৰ তৰপে এটাই বিলকাৰ ভাৰ পাই সকলোতকৈ ঘন; আৰু ক্ৰমে ওপৰলৈ ভাৰ কমি যোৱাত বায়ুৰ তৰপ বিলাকো সেৰেঙ্গা হৈ গৈছে। ৪৫ মাইললকে যিমান বায়ু আছে এটাই খিনিৰ ভাৰ যদি সমুদ্ৰজল সীমাত ১ হয়, ১৮০০০ ফুটৰ ওপৰত তাৰ ওপৰৰ খিনি বায়ুৰ ভাৰ প্ৰায় ১/২; এই নিমিত্তে ইমান ওপৰত থকা বায়ু খিনি মাত্ৰ ১/২ পৰিমাণে সঙ্কুচিত হব আৰু সেই হেতু তাৰ বায়ু সমুদ্ৰজল সীমাৰ বায়ুতকৈ ১/২ গুণে সেরেঙ্গা হব। বায়ুৰ ভাৰ জুখিব পৰা এটি যন্ত্ৰ আছে; তাৰ নাম বায়ুমান যন্ত্ৰ; পৃথিবীৰ পৰা দূৰ অনুসৰি বায়ুৰ ভাৰ কম্‌তি হোৱাত এই যন্ত্ৰৰ দ্বাৰায় কোন পৰ্ব্বত কিমান ওখ তাৰ আন্দাজ কৰিব পাৰি; বায়ু মণ্ডল যদিও ৪৫ মাইল ওখ তথাচ পৃথিবীৰ মানত সেই