পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
প্ৰাকৃত-ভূগোল।

বৰণ নথকা ধোৱাঁ অনুমান কৰিব পাৰিলে বাপৰ যথাৰ্থ গঢ় আরু স্বভাৱ জনা যায়।

  কদম্ব ফুলৰ কেশৰে তাৰ কলিক বেঢ়ি থকাৰ দৰে সকলো পোনে জুৰি বায়ু নামেৰে বাষ্প এবিধে পৃথিবী বেঢ়ি আছে। এই বিধ বাষ্পৰ বৰণ নাই। ই স্বচ্চ আরু নিৰ্গন্ধ; এই কাৰণে আমি ইয়াক চকুৰে দেখা বা নাকেৰে গোন্ধ নাপাও। কিন্তু আন আন পদাৰ্থৰ দৰে তাৰ ভাৰ আছে আরু তাক স্পৰ্শ ইন্দ্ৰিয় দ্বাৰা অনুভৱ কৰিব পাৰি। একেটা বটলকে এবাৰ বাযু ভৰাই এবাৰ বায়ুক যন্ত্ৰেৰে গুচাই জুখিলে বায়ুৰে ভৰি থকা বাৰত গধুৰ হোবা প্ৰমাণ পোয়া যায়।

  বায়ুৰ ভাৰ থকা বাবে পানীএ বওঁতে যেনে কৈ বন ঘাঁহ লৰাই যায়, সেই দৰে বাযুএও বওঁতে গছপাত লৰাই বয়। হাতৰ ওপ-ৰত ফু দিলে অলপ গম পোৱা যায়; ফিচ্‌কাৰিৰে পানী মাৰিলে গাত যেনে গম পোৱা যায় ঠিক তদ্ৰূপ; ফুওৱাত বায়ুৰ পক্ষে ফিচ্‌কাৰীৰ কাৰ্য্য কৰা হয়। কাঁহি এখন থিয়কৈ পাণীত এৰি দিলে যি ভাৱে তললৈ যায় ঠিক তেনে ভাৱে তুলাপাত এখিলা বায়ুত এৰি দিলে মাটিত পৰেহি। যথাৰ্থতে বাষ্প রূপ ধৰা বায়ু আরু তৰল ৰুপৰ পানী এই দুই পদাৰ্থৰ আন ভিন্ন একো নাই; মাত্ৰ আগৰটিৰ পৰমাণু বিলাকৰ বিকৰ্ষণ শক্তি থকা বাবে সি স্থিতি-স্থাপক সেই নিমিত্তে তাৰ ঘনত্ব চাপ অনুসারে কম বা বেচি হব পাৰে; শেষৰ- টিৰ সেয়ে নহয়। আগৰটিৰ স্বভাৱ কাৰ্য্য সকলল শেষৰটিৰ দৰেই। কৰ লাগিলে নিৰ্ম্মল পানীকো দেখা নাযায়। কানৰ সমান কৈ স্বচ্চ গিলাচ এটাত পানী ভৰাই থলে তাৰ ওপৰত ওচৰৰ বস্তুর ছাঁ বা পোহৰ নেদেখিলে পানী আছে নে নাই জানিব নোৱাৰি। পানীৰ ওপৰত আন বস্তুৰ ছাঁ প্ৰতিফলিত হলেহে পানী থকা জানিব পৰি। স্বাভাবিক কাৰ্য্যগতিকে পানীৰ দৰে বায়ুকো কেতিয়াবা