গোলাৰ্দ্ধত সকলো ঠাইতে ২১ মাৰ্চৰ পৰা ২১ জুনলকে দিন দীঘল থকা বাবে দিনত যি খিনি তাপ সূৰ্য্যৰ পৰা পায় ৰাতি চেচা হৈ সেই সমুদায় তাপ খিনি পৃথিবীৰ পৰা ওলাই নৌ যাব পাৰোঁতেই পাচ দিনাৰ সূৰ্য্যৰ তাপ পাবলৈ ধৰে। এই নিমিত্তে দিনে দিনে তাপ বাঢ়ি যায়; কিন্তু ২১ চেপ্টেম্বৰৰ পৰা দিনতকৈ ৰাতি দীঘল হৈ যোৱাত যিমান তাপ দিনত সূৰ্য্যৰ পৰা পৃথিবীএ পায় সেই খিনি ওলাই গৈও ভূমিৰ নিজ তাপ কিছু কমে; এই নিমিত্তে দিনে দিনে জাৰ বাঢ়ি যায়।
কাল অনুসৰি দেশৰ তাপৰ পৰিমাণ কমি-বেচি হোৱাৰ কথা ওপৰত লিখা হৈছে; তাৰ বাহিৰে স্থান অনুসৰিও তাপ পৰিমাণ কমি-বেচি হোৱা আছে। পৃথিবী যদি বৰ্ত্তূলাকাৰ নহৈ পিৰাৰ নিচিনা চেপেটা হল হেতেন, এ ঠাইত সূৰ্য্য মূৰৰ ওপৰ হলেই সমুুদায় পৃথিবীতে তেওঁক মুৰৰ ওপৰত দেখা গল হেতেন আরু সমুদায় পৃথিবীতে সমান তাপ লাগিল হেতেন। কিন্তু বৰ্ত্তূলাকাৰ হোৱাৰ নিমিত্তে পৃথিবীৰ কোনো ভাগত কিৰণ, লম্ব, কোনো ভাগত কাতি ভাৱে পৰেউ; ত্তৰ মেরু বছৰত এবাৰ ঢল লোৱাত আরু এবাৰ আঁতৰাত মকৰ ক্ৰান্তিৰ আরু কৰ্কট ক্ৰান্তিৰ মাজ-থল খনৰ সকলো অংশ বছৰত দুবাৰ সূৰ্য্য-কিৰণৰ প্ৰতি লম্ব হয় অৰ্থাৎ সকলো অংশতে বছৰত দুবাৰ সূৰ্যক মুৰৰ ওপৰত দেখি, এই কাৰণ এই ভাগ পৃথিবীৰ সকলো ঠাইতকৈ তপত; ইয়াৰ নাম উষ্ণমণ্ডল। উষ্ণ মণ্ডলৰ বাহিৰে কোনো ঠাই কেতিয়াও সূৰ্য্য কিৰণৰ প্ৰতি লম্ব নহয়; কেতিয়াও তাত সূৰ্য্যক মুৰৰ ওপৰত নেদেখি; বৰং উষ্ণমণ্ডলৰ পৰা যিমান আঁতৰ সিমান সূয্য ব্ৰাহ্ম্য বা শিৰো বিন্দুৰ পৰা আঁতৰত থাকে। নিৰক্ষ বৃত্ত দুই ক্ৰান্তিৰ ঠিক মাজত থকা বাবে সৰহ ভাগ সময় সূৰ্য্যৰ ওচৰত থাকে; সেই হেতু সকলো ঠাইতকৈ তাৰ কাসৰৰ দেশ বিলাকত জহ বেচি। নিৰক্ষ বৃত্তৰ উত্তৰ আরু দক্ষিণলৈ ক্ৰমে জহ কমি আরু জাৰ ক্ৰমে বেচি হৈ গৈছে; সৰ্ব্বশেষত দুই মেরুত অত্যন্ত জাৰ।