পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
পৃথিবীৰ আকৃতি পৰিমাণ ও সূৰ্য্যৰ সহিত সম্বন্ধ।

  পৃথিবীৰ প্ৰতিকৃতিত যি ভাগ ঘোৰকৈ লিখা আছে সেই ভাগে আন্ধাৰ আরু যি ভাগ পৰিষ্কাৰ সেই ভাগে পোৰ বুজাইছে। ঘ চ উত্তৰ মেরু-বৃত্ত; ঘ চ দক্ষিণ মেরু বৃত্ত; ঘৰ্ম আন্ধাৰ আরু পোহৰৰ মাজৰ সীমাৰেখা; ম ৰ কৰ্কট ক্ৰান্তি, ম ম মকৰ ক্ৰান্তি;

কাঁড়বিলাকে সূৰ্য-কিৰণৰ গতি দেখাইছে। ৪ৰ্থ প্ৰতিকৃতিত যদি ‘আ’ আখৰেৰে আমাৰ দেশ খন বুজাওঁ পৃথিবী ঘূৰা বাবে ‘আ’ দেশৰ গতি আ ক ৰেখায়দি হব; এই ৰেখা নিৰক্ষ বৃত্তৰ সমান্তৰাল। ২১ জুনৰ অৱস্থিতি দেখা যায় যে আ ক ৰেখাৰ সৰহ ভাগ পোহৰত আরু কম ভাগ আন্ধাৰত আছে। সেই নিমিত্তে সেই দিন। “আ” দেশে সৰহভাগ সময় পোহৰত যাবলৈ পায় অৰ্থাৎ দিন দীঘল হয় আরু কম ভাগ সময় আন্ধাৰত যায় অৰ্থাৎ ৰাতি ছুটি হয়। কিন্তু ২১ ডিচেম্বৰত আ ক ৰেখাৰ সৰহ ভাগ আন্ধাৰত আরু কম ভাগ পোহৰত এই নিমিত্তে “আ” দেশে সৰহ ভাগ সময় আন্ধাৰত আৰু কম ভাগ সময় পোহৰত যায় অৰ্থাৎ ৰাতি দীঘল হয় আৰু দিন ছুটি হয়। দক্ষিণ গোলাৰ্দ্ধত নিৰক্ষ বৃত্তৰ পৰা আ দেশৰ সৈতে সমদূৰ বৰ্ত্তী আ ঠাইত আ দেশৰ বিপৰীত ঘটে। য ৰ্চ সীমাৰেখা ২১ মাৰ্চ আরু ২১ চেপ্টেম্বৰ তাৰিখৰ বাহিৰে আন দিন ত কেতিয়াও দুই মেরুৰ ওপৰেদি নেযায়; এই হেতু আন দিন ত দিন ৰাতি. অসমান থাকে। ২১ ডিচেম্বৰ আরু ২১ জুন