পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
পৃথিবীৰ আকৃতি পৰিমাণ ও সূৰ্য্যৰ সহিত সম্বন্ধ।

পোনে হয় সেই পোনৰ পৰা কক্ষৰ দাঁতিয়ে দি চালে যেনে দেখা যাব তাক ৫ম প্ৰতিকৃতিত দিয়া হৈছে। এই প্ৰতিকৃতিৰ সহায়ত জানিব পাৰি যে মেরুদণ্ড কক্ষস্থলৰ প্ৰতি সদাই একে ভাৱে ঢাল- লোৱা হলেও ২১ চেপ্টেম্বৰতে আরূ ২১ মাৰ্চতে মেরুদণ্ড সুৰ্য-কিৰণৰ প্ৰতি লম্ব হয়। ঠাইয়ে নোজাৰাত সূৰ্যৰ আরু পৃথিবীৰ আকাৰ আরু পৰস্পৰৰ মাজত দূৰৰ যথাৰ্থ অনুপাত দেখুৱাব নোৱাৰি; সূৰ্য্যৰ যথাৰ্থ আকাৰ আরু তাৰপৰা আমালৈ দূৰ চাই কলে এই প্ৰতি কৃতিত পৃথিবী আকাৰ এটি ফুটতকৈও সরু হব লাগে।

  মেরুদণ্ড কক্ষস্থললৈ কাতি ভাৱে থকাকৈ পৃথিবীএ পৰিভ্ৰমণ আরু আবৰ্ত্তন কৰাত দিন, ৰাতিৰ আৰু ঋতুৰ পৰিবৰ্ত্তন হব লাগিছে। এখন জাহাজাত উঠি ভুটীয়াই গলে পাৰৰ গৰা, গছ, ইত্যাদি বিলাক উজাই যোৱা যেন দেখি। সেই দৰে পৃথিবী পশ্চিমৰ পৰা পূবলৈ ফুৰাত আৰু তাৰ লগে-লগে আমালোকো পশ্চি- মৰ পৰা পূবলৈ যোৱাত সূৰ্য্য চন্দ্ৰাদিক পূবৰ পৰা পশ্চিমলৈ যোৱা যেন দেখোঁহক। পৃথিবীৰ লগত আমালোকে ঘুৰি যেতিয়া সূৰ্য্যৰ ফাললৈ আহোঁ তেতিয়া আমালোকলৈ দিন হয় আরু যেতিয়া সূৰ্য্য নথকা ফাললৈ যাও তেতিয়া ৰাতি হয়। পশ্চিমৰ পৰা পূবলৈ


  শিক্ষকে যদি এডুখৰি তুলাপাতত তাৰ দাঁতিৰ ভাৱে ভাৱে সমান্তৰালকৈ কেবাটিও কাঁড় ৰেখা টানি লয় আৰু মেজৰ ওপৰত হেলনীয়াকৈ পেঞ্চিল এডাল থিৱ কৰি তাৰ চাৰিওফালে গাতে লগাই তুলাপাত ঘুৰায় আরু কাঁড় ৰেখা বিলাকক সূৰ্য্যৰ কিৰণ বুলি, মেজকে পৃথিবীৰ কক্ষ হল বুলি আরু পেঞ্চিলক মেৰুদণ্ড বুলি মনতে ধৰিবলৈ ছাত্ৰবিলাকক কয়, তেন্তে সিহঁতক বেচকৈ বুজাৰ পাৰিব, কেনেকৈনো মেরুদণ্ড কক্ষৰ প্ৰতি সদাই হেলনীয়া হৈ থাকিও সূৰ্য্যৰ প্ৰতি এসময়ত লম্ব হয় আরু আন সময়ত তাৰে সৈতে সুক্ষ্ম কি স্কুল কোণ কৰিব পাৰে।