আরু সূৰ্য্য এই দুইৰ মাজতো মাধ্যাকৰ্ষণ শক্তি থাকি দুইবো গোটাবলৈ উন্মুখ আছে, আৰু তাৰ বিপক্ষে কোনো শক্তি নথকা হলে দুইকো একে লগ কৰিলে হেতেন। সেই বিপক্ষ শক্তি পৃথিবীৰ চক্ৰাকৃতি পৰিভ্ৰমণৰ পৰা ওলাইছে। কুমাৰৰ চাক ঘুৰিলে মাটি বাহিৰলৈ উফৰি যায়; চৰিয়া এটাত পানী ঘুৰালে মাজ এৰি কাস- ৰলৈ যায় মাজত খল পবে; জৰি এডালৰ মুৰত গধূৰ বস্তু এটি বান্ধি ঘুৰালে জৰি ছিগিবৰ ভয় হয়; ছিগিলে বেগেৰে বহু দূৰত পৰে। এইবিলাক ঘটনালৈ মন দিলে সুন্দৰ ৰূপে জনা যায় যে পদাৰ্থ ঘুৰিলে বিকৰ্ষণ শক্তি অৰ্থাৎ বাহিৰলৈ বল এটি উৎপন্ন হয়। যদি এটা গিলাচৰ মুখত জৰি এডাল লগাই সাক তাত পানী ভৰাই প্ৰথমে লাহে লাহে দোলাই শেষত মুৰৰ ওপৰে ঘুৱা যায়, গিলাচ মুৰৰ ওপৰে গৈ উবুৰি হলেও তাৰ পানী এটোপাও নপৰে। কাৰণ গিলাচ আৰু জৰিৰ নিমিত্তে পানী বাহিৰলৈ যাব নোৱাৰে আৰু বিকৰ্ষণ শক্তিৰ নিমিত্তে উবুৰি হলেও পৃথিবীলৈ নপৰে। তদ্ৰুপ মাধ্যাকৰ্ষণ শক্তিৰ নিমিত্তে পৃথিবী সূৰ্য্যৰ পৰা সম্পূৰ্ণ এৰাব নোৱাৰে আরু বিকৰ্ষণ শক্তিৰ বাবে মাধ্যাকৰ্ষণৰ সত্বেও সূয্যত নপৰে। যদি কোনো ঘটনাক্ৰমে পৃথিবীৰ গতি বন্ধ হয় তৎক্ষণাৎ পৃথিবী সূৰ্য্যত পৰি দ্ৰৱ হব। চন্দ্ৰ ও এই মাধ্যাকৰ্ষণ আরু বিকৰ্ষণ শক্তিৰ বশহৈ পৃথিবীক প্ৰদক্ষিণ কৰিছে।
পৃথিবীএ যি পথেগৈ বছৰত এবাৰ সূৰ্য্যক প্ৰদক্ষিণ কৰে তাক পৃথিবীৰ কক্ষ বোলে। সেই কক্ষ সম্পূৰ্ণে ঘূৰণীয়া নহয়; সি এটা প্ৰকাণ্ড বৃত্তাভাস। তাৰ ব্যাস সকলো ফাললৈ সমান নহয়। সকলোতকৈ যিটো ব্যাস দীঘল তাক গৰিষ্ঠ ব্যাস কয়; তালৈকে লম্বহৈ যি ব্যাস আছে সি সকলোতকৈ ছুটি; তাৰ নাম লঘিষ্ঠ ব্যাস। লঘিষ্ঠ ব্যাস আরু গৰিষ্ঠ ব্যাসৰ সংযোগ স্থলৰনাম বৃত্তাভাসৰ কেন্দ্ৰ। সূৰ্য্য সেই কেন্দ্ৰৰ পৰা কিছু অতৰত অথবা বৃত্তাভাসৰ দুটি অধি-