পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৯৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৮
প্ৰাকৃত-ভূগোলৰ

সাগৰৰ জলসীমা—(Sea level) যিমান চাপৰত সাগৰৰ পানী আছে।
সাগৰৰ বা—(Sea breeze) ৩১,৩২ বৃষ্ঠা চাবা।
সাময়িক বাত—(Periodical wind) ৪৮ পৃষ্ঠাচাবা।
সীমা-ৰেখা—(Line of demarcation) সীমা প্ৰদৰ্শক ৰেখা।
সুমেরু—(North pole) মেরুদণ্ড চাবা।
সুমেরু-বৃত্ত—(Arctic circle) মকৰ-ক্ৰান্তি চাবা।
স্থল⸺ (Plane) যি ধৰাতলত বৃত্ত বা আন কোনো ক্ষেত্ৰ থাকে তাক সেই ক্ষেত্ৰৰ স্থল কয়।
স্থিৰবাত—(Constant wind) ৮৬ পৃষ্ঠা চাবা।
হিম-শিলা—(Avalanche) ৭৯ পৃষ্ঠা চাবা।


 

ইঙ্গিত—(১) কোনো আখৰৰ ওপৰত ‘′’ৰেফৰ নিচিনা চিন থাকিলে তাক চিহ্নিত বুলি পঢ়িব লাগে; যেনে আ॔ “চিহ্নিত আ” বা “আ॔ চিহ্নিত। ”
 (২)কোনো আখৰৰ ওপৰত ‘ ॅ’ চিন থাকিলে সেই আখৰৰ কোমল হ্ৰস্ব উচ্চাৰণ হব যেনে ম'ৰা (ময়ূৰ), ম'হ (মহিষ ) ইত্যাদি
 (৩) কোনো অঙ্কৰ ওপৰত ‘°’ চিহ্ন থাকিলে অক্ষাংশ বা ডিগ্ৰি বুজায় আরু ‘′’ চিহ্ন থাকিলে মিনিট ‘″’ থাকিলে সেকেণ্ড বুজায়; যেনে ২৩°-৮′-৩২″ ২৩ ডিগ্ৰি বা অক্ষাংশ ৮ মিনিট ৩২ সেকেণ্ড।