পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৯২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮১
পাৰিভাষিক শব্দৰ অৰ্থ।

ফা⸺ (Fahrenheit thermometer) ফাৰেণহিট সাহাবৰ
 তাপ মান যন্ত্ৰ——ইয়াৰ দ্বাৰা তাপ পৰিমাণৰ কৰিব
 পাৰি।
বগা-শিয়াল—(White fox) মেরুবৃত্তৰ গুৰিত থকা এক জাতি
 শিয়াল।
বতাহ—(Wind) ২৯ পৃষ্ঠা চাবা।
বন-বোন্দা—(Wild cat) মেকুৰি জাতিৰ এবিধ বনৰীয়া জন্তু
 ডাঙ্গৰ কুকুৰ এটাৰ সমান ওখ। বিলাতত বাঘ বুলি-
 বলৈ ইএই মাত্ৰ আছে।
বৰপরুৱা-খোৱা—Great anteater or myrmecophago jubeta)
 ই এটা আচৰিত জন্তু; তাৰ নাকটো বাঢ়ি শুড়ৰ
 নিচিনা দেখিবলৈ, পিঠিত কেশৰ স্বরূপ নোম আছে।
 ফান্দ তাৰ কেৰকেটুয়াৰ নিচিনা কিন্তু নোম বিলাক
 তাতকৈ দীঘল আরু ফুলালে গাটোৰ সমান ডাঙ্গৰ
 হয়। জিবাখন দীঘল আরু আঠাময়। তাৰ আকোঁৰা
 হাতোৰাৰে সৈতো পরুৱা খুচৰি উলিয়াই এঠা জিবা
 পাতি পরুৱা খায়। শুব লাগিলে দীঘল তোবোৰা
 লেজ পিঠিত পথালিকৈ পেলাই প্ৰায় গা গোটেই
 টো ৰঁদ বৰষুণৰ পৰা ঢাকি আরু ডিঙ্গি মোকোটাই
 দীঘল নাক নেজেৰে আরু গাৰে মাজে সুমাই
 পাছ টিকাৰ ওচৰত উলিয়াই; এই জন্তু যেতিয়া
 শুই থাকে তেতিয়া মুখ ফালকে পাছ ও পাছফাল-
 কে মুখ বুলি জানি কিন্তু উঠিলে তুৰন্ত বিপৰীত
 হোয়া দেখি, হাহি উঠাৰ বিষয় হয়।
ৱঁবা অজগৰ—(Boa constrictor) আমেৰিকাৰ উষ্ণ প্ৰধান দেশ

 বিলাকত থকা এবিধ ঢেকি সাপ। ই ২৫। ২৬

১৬