পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৮৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৬
প্ৰাকৃত-ভুগোলৰ

 পৰস্পৰক সম-দ্বিখণ্ড কৰে। দ্ৰাঘিমা আরু নিৰক্ষ বৃত্তই
 পৰস্পৰক সম-দ্বিখণ্ড কৰে আরু দুই দ্ৰাঘিমাইও পৰ-
 স্পৰক সম-দ্বিখণ্ড কৰে।
গল চৰাই—(Gull) সাগৰৰ তীৰত জাকে জাকে থকা এবিধ চৰাই।
গান্ধ-গরু‌—(Musk-ox) আমেৰিকাৰ হডচন উপসাগৰৰ কাসৰৰ
 দেশ বিলাকত থকা দীঘল নোমৰে এবিধ গরু।
গুণ-গুণী চৰাই—(Humming bird) এবিধ সরু চৰাই, ডাঙ্গৰ পখীলাৰ  সমান হব। উড়ি যাওতে তাৰ পাখীৰে ভোমোৰাৰ
 দৰে গোঁ গোঁ কৰে আরু সি ভোমোৰাৰ দৰে ফুলৰ
 মৌ আরু পোক খাই।
ঘৃষ্ট-প্ৰস্তৰ—(Roches montonees) ৭৮ পৃষ্ঠা চাবা।
চাক-নৈয়া—(Whirlpool) ৬৪ পৃষ্ঠা চাবা।
চাপ⸺(Pressure) হেচা বা চাপ অনেক প্ৰকাৰৰ আছে। চেপে
 নাৰে কোনো বস্তু চেপিলে ও সেই বস্তুৰ ওপৰত
 চেপেনাৰ ফালৰ পৰা চাপ পৰিছে বুলি কোৱা যায়।
 কপাহ এদঁমৰ ওপৰত শিলএটা তুলি থলে কপাহে
 শিলৰ পৰা চাপ পাইকোঁচ খাই থাকে। শেষৰ উদা
 হৰণত শিলৰ ভাৰ আছে বুলি কপাহে চাপ পায়;
 শিলৰ সলনী তাৰ সমান গধুৰ এসোপা কপাহ
 ৰাখিলেও তলৰ কপাহে চাপ পাব আরু সংস্কুচিত হৈ
 ঘন হব। বায়ু যদিও বাষ্পীয় বস্তু তেও আন আন
 বস্তুৰ দৰে তাৰ ভাৰ আছে। ওপৰৰ বায়ু দঁমৰ চাপ
 তলৰ বায়ুয়ে পাই ঘনহৈ আছে। সকলো জীৱা জন্তু,
 কাঠ, বাঁহ, যত মানে বস্তু বায়ুমণ্ডলত ডুবি আছে সক-
 লোৰে বায়ুৰ চাপ সহি থাকিব লগা হৈছে। সেই
 চাপৰ পৰিমাণ প্ৰতি বৰ্গ ইঞ্চিত ১৫ পাউণ্ড। থাউকাল