পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৮১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭০
প্ৰাকৃত-ভুগোল।

  সকলো প্ৰাণীৰ ভিতৰত মানুহ জাতি সৰ্ব্বপ্ৰধান। মানুহৰ সমান বুদ্ধি আন কোনো জাতি প্ৰাণীৰ নাই। ইহতৰ সমান উন্নতিও আন জাতিৰ নাই। এই উন্নতি যদিও সৃষ্টিকৰ্ত্তাই মানুহ সৃষ্টিৰ লগতে মানুহক দিয়া নাই, তথাপিই তেওঁৰ অভিপ্ৰেত। যাতে এনে উন্নতি আগলৈ হব পাৰে ঈশ্বৰে তেনে উপায়, মানুহক দিছে সেই উপায় দুটি:— বুদ্ধি, আরু আপোনাৰ সকলো মনৰ ভাব সম্পূৰ্ণে প্ৰকাশ কৰিব পৰা ক্ষমতা। এই দুটা গুচাই নিয়া মাথোন এতিয়াই মানুহ এটা পশু হব; পশুতকৈও অধম আরু অকামিলা হব। স্বাভাবিক কোনো অস্ত্ৰ নোহোৱা বাবে নিজৰ শৰীৰ ৰক্ষা কৰিব নোৱাৰিব। সিংহ, ব্যাঘ্ৰ আন কি পোক পরুৱা পৰ্য্যন্তেও ইয়াক আক্ৰমণ কৰিব; পলাই সাৰিবলৈকো হৰিণৰ নিচিনা ঠেঙ্গ নাই। গতিকে সিহঁতৰ হাতত প্ৰাণ এৰিব লাগিব। আন কি, উদ্ভিজ, যাক ভৰিৰে এতিয়া তলত মোহাৰিছে, কাটি খাস্তাং কৰিছে, সিও সেই নিৰাশ্ৰয় মানুহৰ নিমিত্তে মহা শত্ৰু হব। খোজে পতি মানুহক কাঁইটে বিন্ধিব, চোৰাতে ডাকিব। অস্! বুদ্ধি আরু বাক- শক্তি হীন মানুহ তোমাৰ কি অৱস্থা! বুদ্ধি আরু বাক্শ‌ক্তি এই দুটা অপূৰ্ব্ব মহা গুনী মাদলি ঈশ্বৰে তোমাক দিলে, তাৰ জোখাৰে অঙ্গ প্ৰত্যঙ্গ যন্ত্ৰাদি দিছে কিন্তু হায়! সেই বুদ্ধি চালনা নকৰি, বাক্‌ শক্তিৰ উন্নতি সাধন নকৰি তোমালোকৰ কেতোবিলাকে পশুত কৈ বহুত বিভিন্ন হব পৰা নাই। যি বিলাকে উন্নতি-জখলাৰ ওপৰৰ খাপত উঠিব পাৰিছে তেওঁ বিলাকে কত বৰাইছে বুজাইছে, তেও জানিব পৰা নাই যে বুদ্ধিৰো গতি আছে আরু গতি হলে হে উন্নতি হয়। কোনোবিলাকে বুদ্ধিৰ গতি চলাইছিলে আরু বাকশক্তিৰো অনেক উন্নতি হল কিন্তু নানা ৰকম ৰাজষিক অপায় অমঙ্গল মিলি নানা প্ৰকাৰ কুসংস্কাৰ স্বরূপ বেমাৰ হৈ বুদ্ধিৰ গতি বন্ধ হল আরু বাকশক্তিৰো উন্নতি নাইকিয়া হল এই নিমিত্তে আরু আগবাঢ়ি