দেশলৈ যোৱাত তাৰ লগতে মাচৰ কনিও যাৰ পাৰে। উটি যোৱা গছ মুঢ়াৰ লগত লাগিও কোমল-কায় প্ৰাণী বিলাক উটি যায়।
ওপৰত কৈ অহা হৈছে যে দেশে পতি প্ৰাণী-বৰ্গৰ গঢ় লৰ আছে আরু এখন দেশ আন এখন দেশৰ জন্তু থাকিবৰ নিমিত্তে উপযুক্ত নহয়; তালৈ আনিলেই সি মৰি যায়। কিন্তু মানুহক সৃষ্টিকৰ্ত্তাই এনে ক্ষমতা দিছে যে সি পৃথিবীৰ সকলো অংশতেই থাকিব পাৰে। শীত-মণ্ডলৰ অসহ্য জাৰ বা নিৰক্ষ-বৃত্তৰ ওচৰৰ দেশ বিলাকৰ অসহ- নীয় জহ কোনো এটাইও মানুহক তালৈ যাবৰ নিমিত্তে বাধা কৰিব নোৱাৰে। শীত-মণ্ডলত ইমান জাৰ যে ঠাইয়ে ঠাইয়ে ৯ মাহৰ নিমিত্তে পানী গোট-মৰাই থাকে, জুইত নতপতালে পী-খাবলকে পানী এটোপা পোৱা টান; তাতে মানুহৰ বসতি আছে। সাহাৰা মরুভূমি ইমান তপত যে মানুহ মৰিলে ৰ'দত তৎক্ষণাৎ শুকাই যায়, পচিবলৈ নাপায়, তাতে মানুহ দেখিবলৈ নোপোৱা নহয়। এই দৰে সকলো ঠাইৰ নিমিত্তে মানুহ উপযুক্ত বুলিয়েই মানুহৰ ইমান ক্ষমতা আরু ইমান উন্নতি। তেনে হোৱাৰ আদি কাৰণ দুটা বুলি বোধ হয়— প্ৰথম, মানুহে নোখোৱা বস্তু একো নাই, মানুহ সৰ্ব্ব- ভক্ষী; ভেকুৰা কাঠফুলা প্ৰভৃতিৰ পৰা যতনেৰে অৰ্জ্জা কবি শাক- লকে আরু কেচু কুমটিৰ পৰা গজ হস্তীলঁকে একো নাসাৰে। দ্বিতীয়, মানুহ উপজি নাঙ্গঠা অৰ্থাৎ গরু মঁহৰ দৰে জাৰ গুচাব পৰা গাত স্বাভাৱিক নোমৰ বা ডাঠ চালৰ আচ্ছাদন নাই আরু মানুহে ইচ্ছামতে কৃত্ৰিম,আবৰণেৰে গা ঢাকিব পাৰে। ঠাই চাই আপোনাৰ আবৰণ পাতল বা ডাঠ, উমলগা বা শীতল কৰি লব পাৰে। যদি পিঠিত নোম এসোপা লৈ মানুহ উপজিল হেতেন, তেনে হলে ইংলণ্ডৰ পৰা আহি ভাৰতবৰ্ষত ৰাজত্ব কৰিব নোৱাৰিলে হেতেন আরু কাপোৰ লব নজনা হোৱা হলে হিন্দু গৈ বিলাতত বিলাতীএ সৈতে বিদ্যাত সমকক্ষ হব নোৱাৰিলে হেতেন; যদিও