পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৭৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৩
দেশভেদে প্ৰাণীৰ ভেদ।

নানা বৰনীয়া আরু অসংখ্য শ্ৰেণী ও জাতিত ভাগ কৰা হৈছে। সকলো প্ৰধান শ্ৰেণীৰ জন্তু এই মণ্ডলীৰ ভিতৰত পৰে। সরু গুণ-গুণী চৰাইৰে ৩০০০ জাতি আছে। গ্ৰীষ্ম-মণ্ডলতেই সকলোতকৈ সুন্দৰ আরু সকলোতকৈ কুন্ধচ্‌ জন্তু জুম খাইছে। বান্দৰ প্ৰভৃতি চতুষ্কৰ জন্তু, কল খোৱা বাদুলী, * হাতী, জল-হস্তী, গঁড় প্ৰভৃতি স্থূল- ত্বক্‌ জন্তু আরু সমুদায় অপুৰোদন্তী জন্তু বিলাকৰ গ্ৰীষ্ম-মণ্ডল আবাস স্থান। মেকুৰি জাতিৰ ডাঙ্গৰ ডাঙ্গৰ জন্তু বিলাক যেনে সিংহ, বাঘ এই মণ্ডলতেই থাকে। পক্ষিৰ ভিতৰত নানা ৰঙ্গৰ ভাটৌ টৌকেন চৰাই কেৱল গ্ৰীষ্ম-মণ্ডলতেই থাকে। কোঁদো, ভোমোৰা, প্ৰভৃতি বিষধৰ বাহ্য-সন্ধিত প্ৰাণী এই মণ্ডলতেই পোৱা যায়। হাঙ্গৰ মাচৰ আবাস স্থান কেৱল গ্ৰীষ্ম-মণ্ডল মাত্ৰ। সাপৰ সঙ্খ্যাও ইয়াত বেচি।

 এই মণ্ডলী প্ৰাণী বিলাকৰ মহাদেশে পতি একোটা গঢ়; এক নক্সাৰ জন্তু কেৱল এক খণ্ডতে হে পোৱা যায়। আন ঠাইত পোৱা নাযায়। টোকেন চৰাই, গুণ গুণী পক্ষি, শথ আমেৰিকাৰ বাহিৰে ক'তো নাই। জিৰাফ, জেব্ৰা আরু জলহস্তী আফ্ৰিকাত মাত্ৰ পোৱা যায়। যি বিলাক একে শ্ৰেণীৰ জন্তু দুই মহাদেশ পোৱা যায় তাৰ মাজতো অনেক লৰ আছে। আমেৰিকাৰ বান্দৰ বিলাকৰ নাসাৰন্ধ্ৰ দুটা পৰস্পৰৰ পৰা আঁতৰত আরু নেজেৰে গছৰ ডালত ধৰিৰ পাৰে। প্ৰাচীন পৃথ্বীৰ বান্দৰৰ নাসাৰন্ধ্ৰ দুটা ওচৰা উচৰি আরু নেজেৰে গছৰ ডালত ধৰিব নোৱাৰে। ভিন্ন ভিন্ন দেশত ভিন্ন ভিন্ন প্ৰাণী বাস কৰে বুলি গ্ৰীষ্ম-মণ্ডলক পাঁচ প্ৰাণী প্ৰদেশ


 * শীত প্ৰধান দেশ বিলাকৰ বাদুলিএ কল নাখায়; কল পাব ক'ত? পোক পরুৱা ধৰি খায়। আমেৰিকাৰ ভেম পায়াৰ নামে

বাদুলী এবিধে শুই থকা মানুহৰ তেজ শুহি খায়।