পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৭৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬২
প্ৰাকৃত-ভূগোল।

জাগুয়াৰ বোলে; দেখাত আশিয়াৰ বাঘৰ দৰে নহয়। তাত সিংহৰ লগৰ এবিধ জন্তু আছে তাৰ নাম পুমা বা আমেৰিকাৰ সিংহ কিন্তু তাৰ কেশৰ নাই সি গছত বগাব পাৰে। আমালোকৰ সিংহত কৈ সরু; বৰণ ৰঙ্গা। আমেৰিকাত আগৰ কালত গরু, ঘোৰা, কুকুৰ নাছিল; আমালোকৰ মহাদ্বীপৰ পৰা নিয়াতহে তাতো হৈছে; কিন্তু গরুৰ লগৰ বাইচন নামে এবিধ মেথোন আগৰ পৰাই আছে। আমালোকৰ ঢেকি-সাপৰ পৰিবৰ্ত্তে বিষধৰ সশব্দ-যায়ী সাপ আরু বৱা অজগৰ সাপ আছে। এই মণ্ডলৰ প্ৰধান জন্তু বাইচন বা আমেৰিকাৰ মেথোন, হৰিণ, গৰু, ঘোৰা, গাহৰি, নানা জাতীয় দ্বিপুৰোদন্তী, কেৰকেটুৱা, শহ, সকলো জাতি কীটাৎ, উট্‌, বৃক, শিয়াল, বন-বোন্দা ইত্যাদি। ইয়াত অপুৰোদন্তী আৰু চতুষ্কৰ জন্তু নাই। এটলাচ্‌ পৰ্ব্বতৰ পয়ৰাত হলে নাই বুলিব নোৱাৰি। সৰীসৃপৰ ভিতৰৰ জেঠি, গুই, কাচ, সাপ আরু ভেকোলা জাতি আছে কিন্তু ঘৰিয়াল নাই। দক্ষিণ সম- মণ্ডলৰ প্ৰাণী-বৰ্গত নৈৰক্ষিক গ্ৰীষ্ম-মণ্ডলী প্ৰাণী বৰ্গৰ পৰা ঠিক এই দৰে বিভিন্ন আরু তাকে দুই খণ্ড কৰিব পাৰি। কিন্তু উত্তৰ সম-মণ্ডলী প্ৰাণীবৰ্গ যেনেকৈ আমেৰিকাতে আরু আশিয়াতে একে জাতি থকা নহলেও একে বিধৰ থকা দেখি, দক্ষিণ সম-মণ্ডলীৰ প্ৰাণীবৰ্গ তেনে নহয়; মকৰ-ক্ৰান্তিৰ দক্ষিণে থকা দক্ষিণ আমেৰিকাৰ প্ৰাণী বিলাক আফ্ৰিকাৰ নিচেই দক্ষিণ অংশৰ বিলাকৰ সৈতে অমিল। উত্তমাশা অন্তৰীপৰ হায়েনা আরু বনৰীয়া বৰাহৰ লগৰ কোনো এবিধো জন্তু আমেৰিকাত নাই আরু অষ্ট্ৰেলীয়াৰ কাঙ্গাৰু বা অৰ্নি থৰিঙ্কস জন্তুৰ লগৰ জন্তু কোনো মহাদেশত নাই।

 দুই সম-মণ্ডলী প্ৰাণী বৰ্গৰ মাজতে নৈৰক্ষিক গ্ৰীষ্ম-মণ্ডলী প্ৰাণীৰ বাস স্থান; তাল জাতিয় গছৰ সীমাই সৈতে এই মণ্ডলৰ প্ৰাণীৰ সীমা মিলে। এই মণ্ডলৰ প্ৰাণী বিলাক চিত্ৰ বিচিত্ৰ আরু