পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৭২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬১
দেশভেদে প্ৰাণীৰ ভেদ।

 শীত-মণ্ডলী প্ৰাণীৰ অপেক্ষা সম-মণ্ডলী প্ৰাণী জাতৰ সঙ্খ্যা বেচি আরু ইয়াত জলচৰ জাতি বিলাকতকৈ ভূচৰ বিলাকৰ সংখ্যা অধিক। ইয়াত নানা বৰণীয়া আরু নানা আকৃতিৰ জন্তু বিচৰণ কৰে। হাবিৰ মাজত নানা ৰকম পোক পৰুৱা আরু শামুক থকা দেখা যায়, কিন্তু সম-মণ্ডল বাৰও মাহ ইমান তপত নহয় যে তাত গছ, পাত, প্ৰাণী বিলাক স্বচ্ছন্দে থাকিব পাৰে। জাৰত গছ লঠা হোৱাৰ লগে লগে পোক পরুৱা পলাই গাঁতত সোমায়, আৰু অনেক প্ৰাণীএ তাত আহাৰ নাপাই আরু জাৰ সহিব নোৱাৰি গ্ৰীষ্ম-মণ্ডলৰ কাসৰলৈ আহি তাৰ চিৰ-সৌজীয়া উদ্ভিজ খাই প্ৰাণ ধাৰণ কৰে; আৰু কতো বিলাক প্ৰাণীএ (যেনে বাদুলী আৰু সৰসৃপৰ লগৰ জীব বিলাকে) জাৰ কালটো জঠৰ অবস্থাত পৰি থাকিয়েই নিয়াই। ক্ৰব্যাৎ বা মাংসাহাৰী ৰোমন্থক, আরু দ্বিপুৰোদন্তী বা নিগনি জাতিৰ কতো বিলাকেই মাত্ৰ এই কঠিন কালত সম-মণ্ডলৰ ভিতৰত থাকে। এই নিমিত্তে এই মণ্ডলৰ নক্সা ঋতুৰ লগে লগে সলনী হয়।

 উদ্ভিজৰ লক্ষণ চাই সম-মণ্ডলীৰ প্ৰাণী বিলাকক দুই ভাগ কৰিব পাৰি:—(১) যি বিলাক জাৰত লঠা হোৱা গছ থকা খণ্ডত থাকে, (২) যিবিলাক চিৰ-সৌজ গছ হোৱা খণ্ডত থাকে। জাৰ লঠা-গছ বিলাকৰ লগত দেৱদারু গছ মিহলি হৈ উৎপন্ন হয় আৰু দেবদারু জন্ম নোহোৱা ঠাইত জাৰ-লঠা গছো নাথাকে। এই নিমিত্তে দেবদারুৰ সীমাই প্ৰথম শ্ৰেণীৰ প্ৰাণীৰ সীমা বুলিব পাৰি আরু শেষৰ বিলাক প্ৰাণীৰ দক্ষিণ সীমা পামেট অৰ্থাৎ একৰকম চাপৰ তাল গছ। সম-মণ্ডলৰ প্ৰাণী বিলাকৰ এটা প্ৰধান লক্ষণ এই, যদিও সমুদায় সম-মণ্ডলতে একে জাতি প্ৰাণী নথকা যেন প্ৰথমে দেখা যায়, তথাপি বিশেষরূপে পৰীক্ষা কৰি চালে দেখা যাব যে একে জাতিৰ জন্তুয়েই ঈশদ্‌ ভেদে বাস কৰিছে। নতুন কি পূৰনা পৃথিবীৰ সম-মণ্ডলত বাঘ আছে কিন্তু আমেৰিকাৰ বাঘক