পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৭১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬০
প্ৰাকৃত-ভূগোল।

তাৰ নাম নন্দন পক্ষী। ৰঙ্গা, সৌজিয়া, বগা, বেঙ্গুনীয়া আদি নানা বৰণৰ ভাটো চৰাই বিলাক থাকি গ্ৰীষ্ম-মণ্ডলৰ সমুদায় অৰণ্য বিলাক ৰঞ্জিত কৰি, জাকে জাকে উড়ি ফুৰে। ৪০° অক্ষাংশ মানত এলে বেট্ৰচ নামে চৰাই এবিধ সাগৰৰ ওপৰে ওপৰে উড়ি ফুৰা দেখিবলৈ পোৱা যায়। কণ্ডৰ, সগুণ ওখ ওখ পৰ্ব্বতৰ শিখৰত বাস কৰে। স্তন্য-পায়ী বিলাকৰ নানা জাতি আছে আরু সিহতৰ প্ৰত্যেক জাতিৰ কোনো বিশেষ বিশেষ ঠাই আছে; তাৰ বাহিৰে আন ঠাইত পোৱা নাযায়। মানচিত্ৰত ইহঁতৰ স্থান নিৰ্দিষ্ট আছে।

 পৃথিবী-পৃষ্ঠত বাস কৰা প্ৰাণী বিলাকৰ স্থান অনুসৰি সিহঁতক তিনি বৰ্গ কৰি ভাগ কৰা যাৰ:—গ্ৰীষ্ম-মণ্ডলী, সম-মণ্ডলী আরু শীত-মণ্ডলী। প্ৰাণী বিলাকৰ প্ৰধান লক্ষণ সাম্যতা; অৰ্থাৎ গোটেই শীত-মণ্ডলতে আমেৰিকা হক বা আশিয়াই হক দুইতো প্ৰায় এক বিধৰ, প্ৰাণী দেখিবলৈ পোৱা যায়। ইহতৰ জাতি সঙ্খ্যা নিচেই কম কিন্তু ব্যক্তি সঙ্খ্যা অতি বেচি। উত্তৰ শীত-মণ্ডলত উড়ি ফুৰা চৰাইৰ আরু সাতুৰি ফুৰা মাচৰ জাক দেখিলে আচৰিত হব লাগে। কিন্তু এটাই বিলাক জাতিৰ ৰঙ্গ আরু আকৃতি প্ৰায় একেই। ৰঙ ধোঁৱাৰ নিচিনা। চক্‌মকীয়া এটা চৰাই বা চিত্ৰ বিচিত্ৰ এটা মাচ দেখিবলৈ নাই। তাৰ প্ৰধান জন্তু বগা ভালুক, ৰিণ-পহু, গান্ধ-গরু, বগা শিয়াল; আরু নানাবিধ চিল মাচ ইয়াৰ সৰ্ব্ব প্ৰধান জীৱ। চৰাইৰ ভিতৰত সাগৰৰ শগুন গল চৰাই। সৰীসৃপ গণৰ এটি জাতিও এই মণ্ডলীৰ ভিতৰত নাই। বাহ্য-সন্ধিত বৰ্গৰ ভিতৰৰ অনেক বিধ সাগৰৰ পোক আরু অনেক খোলাস্থ প্ৰাণী এই মণ্ডলীৰ ভিতৰত আছে। শীত- মণ্ডলী প্ৰাণী বৰ্গৰ দক্ষিণ সীমা পোন নহয় আৰু মেরু-বৃত্তৰ ওপৰত নপৰে বৰং উত্তৰ সমাৰণ্য-মণ্ডলৰ উত্তৰ সীমাৰে মিলে। য'ৰে পৰা গছ আৰম্ভ ত'তে এই মণ্ডলীৰ প্ৰাণীৰ অন্ত হয়। দক্ষিণ গোলাৰ্দ্ধ-শীত- মণ্ডলী প্ৰাণীবৰ্গ কুমেরুৰ কাসৰৰ অজ্ঞাত প্ৰদেশ বিলাকত আছে।