পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৃথিবীৰ আকৃতি পৰিমাণ ও সূৰ্যৰ সহিত সম্বন্ধ।

ধৰি থাকিলে আরু আন এজনে সেই মেৰ ঘুৰালে যি বৰ্ত্তূলাকাৰ আকৃতিৰ গোলক এটি সজা হব পৃথিবীও ঠিক তদ্ৰূপ। পৃথিবীৰ উত্তৰ-দক্ষিণা ব্যাস ৭,৯০০ মাইল; পূৰ্ব-পশ্চিমা ব্যাস ৭,৯২৬ মাইল।

  এই প্ৰকাণ্ড প্ৰায়বৰ্ত্তুল পৃথিবী স্থিৰ নহয়, লাটুমৰ দৰে ঘুৰি আছে। তাৰ প্ৰমাণ অনেক; কিন্তু সেই বিলাক জ্যোতিষ শাস্ত্ৰ আরু শক্তি শাস্ত্ৰ নেজানিলে বুজা টান। এটি সাধাৰণ প্ৰমাণ এই যে পৃথিবীৰ লগৰ গ্ৰহবিলাক আৰু চন্দ্ৰ সূৰ্য কোনোটিও স্থিৰ নহয়; নিজ মেরুদণ্ডত লাটুমৰ দৰে ঘুৰি আছে। পৃথিবী ও দিনটোত এবাৰ এই দৰে ঘূৰে, এই নিমিত্তে এই গতিক আহ্নিক গতি বলে। ইয়াৰ বাজে পৃথিবীৰ আৰু এটি গতি আছে; সি বাৰ্ষিক অৰ্থাৎ নিজ মেরুদণ্ডৎ ঘুৰিঘুৰি সূৰ্য্যৰ চাৰিও ফালে পৰিভ্ৰমণ কৰি বছৰত এবাৰ তেওঁক প্ৰদক্ষিণ কৰে। যদি এটা লাটুম মেজ এখনৰ ওপৰত ঘুৰি ফুৰোঁতে তাৰ মুখে এটা বৃত্ত সাজে, তেন্তে এই লাটুমৰ গতিৰে সৈতে পৃথিবীৰ গতি তুলনা কৰিব পাৰি। বৃত্তৰ কেন্দ্ৰক সূৰ্য্য স্বরূপ, লাটুক পৃথিবী স্বরূপ, মুখৰপৰা মুৰলৈকে যে কাল্পনিক মধ্যৰেখাৰ চাৰিওফালে লাটুম ঘুৰে তাক পৃথিবীৰ মেরুদণ্ড স্বৰূপ, বৃত্তটিক তাৰ কক্ষ স্বরূপ অনুমান করিলেও পৃথিবীৰ গতি কিছু পৰিমাণে হৃদয়ঙ্গম হব। লাটুম এক আধাৰৰ ওপৰত ঘুৰে; কিন্তু পৃথিবী বিনা আধাৰে সেইরূপে শূন্যেতে ঘুৰিছে।

  তোমালোকে কব পাৰা, যদি পৃথিবী এনে অস্থিৰ জামালোকে গম পাব লাগিছিল আরু তাত থকা জন্তু মানুহ বিলাক সৰি পৰিল হেতেন। তেন্তে কিয় নপৰে আরু গম পোৱা নেয় কিন্তু কওঁ গুনা। বিশ্ব জগতত যত পদাৰ্থ আছে সকলোৰে পৰস্পৰৰ মাজত এটি আকৰ্ষণ শক্তি বৰ্তমান আছে; পদাৰ্থ মাত্ৰৰে ইটো সিটোক আকৰ্ষণ কৰা গুণ আছে। চুম্বক পাৰে যেনেকৈ আলাগতে লোহক আকৰ্ষণ কৰি নিজৰ ফালৰ টানে সেই দৰে এক পদাৰ্থই আন পদাৰ্থক