পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৬৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৮
প্ৰাকৃত-ভুগোল।

কালত আমাৰ মানুহে পোৱালৰ গছ আছে বুলি ভাবিছিল। মিলিপঁৰ (Millipore) মেড্ৰাপঁৰ (Madrapore), পৰাইটিজ (Porities), বিলাকো এই বৰ্গৰ ভিতৰৰ। এই বিলাকক গ্ৰীষ্ম-মণ্ডলৰ সাগৰত পোৱা যায়। এই বিলাকৰ মৃত শৰীৰ গোট খাই দম হৈ অনেক দ্বীপ হৈছে। সছা পোৱাল গ্ৰীষ্ম-মণ্ডলৰ কিচু উত্তৰত অৰ্থাৎ ভূমধ্যস্থ সমুদ্ৰত আরু সিংহল দ্বীপৰ ওচৰৰ ভাৰত সাগৰত প্ৰচুৰ রূপে পোৱা যায় আরু অলঙ্কাৰৰ নিমিত্তে বহু তোলা হয়। আৰব সাগৰ আরু পাৰস্য উপসাগৰৰ তলীত অতি বিস্তৃত পোৱালৰ বাগিছা আরু হাবি আছে। বাহ্য-সন্ধিত প্ৰাণী বিলাক পৃথিবীৰ সকলো অংশতে আছে কিন্তু নিৰক্ষ বৃত্তৰ কাসৰলৈ তাৰ সঙ্খ্যা ক্ৰমে বেচি। গ্ৰীষ্ম- মণ্ডলৰ হাবি বিলাকত পোক পরুৱাৰ প্ৰাদুৰ্ভাব ভয়ানক। মধ্য আরু দক্ষিণ আমেৰিকাত হাবিৰ মাজত এবিধ ডাঙ্গৰ জোনাকী পৰুৱা আছে সিহঁত ওলালে সমুদায় হাবি পোহৰ হয়। গ্ৰীষ্ম-মণ্ডলৰ পখীলা বিলাক নানা বৰণীয়া আরু ধুনীয়া। ভাৰত সমুদ্ৰ কোমল- কায় প্ৰাণীবৰ্গৰ নিমিত্তে প্ৰসিদ্ধ। ইয়াৰ সমান ধুনীয়া, বহু বিধিয়া আৰু অপাৰ শঙ্খ, শামুক কোনো সমুদ্ৰত নাই। ভাৰত সমুদ্ৰৰ পাছতে, অষ্ট্ৰেলিয়াৰ ওচৰৰ সমুদ্ৰৰ শঙ্খ বিলাকক গণ্য কৰিব পাৰি কিন্তু আমেৰিকাৰ শঙ্খ একে অক্ষাংশত থকা আশিয়াৰ শঙ্খ বিলাকতকৈ নিকৃষ্ট আরু তাকৰ। ভূমধ্যস্থ সমুদ্ৰ, ভাৰত সমুদ্ৰৰ আৰু লোহিত সাগৰৰ শঙ্খ বিলাক প্ৰায় একে দেখি। সমুদ্ৰৰ তলী খন অসমান হোৱা বাবে তাৰো জল-সত্ৰ আছে বুলি ধৰিব পাৰি। জল-সত্ৰই পতি মাচ ভিন্ন ভিন্ন হোৱা যেন অনুমান হয়। যদিও সমুদায় উত্তৰ আটলাণ্টিক সমুদ্ৰৰত কড্‌ মাচ (যি মাচৰ তেল আমালোকৰ বজাৰত কডলিৱৰ অইল বুলি বেচে) পোৱা যায় তথাপি নিউফাউণ্ডলেণ্ড দেশৰ কাশৰতে তাৰ বেচি প্ৰাদুৰ্ভাব। গ্ৰীষ্ম- মণ্ডলত নানাবিধ আচৰিত মাচ পোৱা যায়। হাঙ্গৰ, কৰত-মুখী,