পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৬৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৭
দেশভেদে প্ৰাণীৰ ভেদ।

পাঠক সকলক প্ৰাণীৰ সংস্থান দেখুৱাবৰ পূৰ্ব্বে প্ৰাণী বিলাকৰ শ্ৰেণীৰ নাম গোটাদিয়েক জনাব খোজোঁ; কাৰণ তাৰ পৰা পাছৰ কথা বুজাত বহুত সহায় পোৱা যাব।

 সমুদায় প্ৰাণী-সংসাৰ খন পাঁচ বৰ্গ কৰি ভাগ কৰা হয়। পৃষ্ঠা- স্থিত, কোমল-কায়, বাহ্য-সন্ধিত, ৰস্মিত আৰু অনুদ্ভিন দেহ।
 (১) পৃষ্ঠাস্থিত—যিবিলাক প্ৰণীৰ ৰাজহাৰ আছে; যেনে মানুহ চৰাই, কাচ প্ৰভৃতি। এই বৰ্গক গণ গণ কৰি চাৰি গণ কৰা হয়:—(ক) স্তন্যপায়ী অৰ্থাৎ যি বিলাকে সৰু কালত মাকৰ পীয়াহ খায়, (খ) বিহগ বা চৰাই, (গ) সৰীসৃপ বা জেঠিৰ লগৰ প্ৰাণী আরু (ঘ) মৎস্য।
 (২) কোমল-কায়—যিবিলাকৰ হাৰ নাই; যেনে কুমজেলেকুৱা। এই বৰ্গৰ ভিতৰৰ কোনো বিলাকৰ চোকোৰা থাকে, যেনে শামুক, শঙ্খ, বাম-শামুক প্ৰভৃতি।
 (৩) বাহ্য-সন্ধিত—যিবিলাকৰ শৰীৰটো কেবা ডোখৰেৰে যোৰা দিয়া আৰু এটাই কেই ডোখৰ দেখিবলৈ মিল; মাত্ৰ আকাৰত বেচ কম। ইহতৰ চাল টান; কোনোটৰ হাৰৰ সমান টান আরু ৰাজ হাৰৰ কাম কৰে; যেনে কেৰেলুৱা, মিছা মাচ, ফৰিঙ্গ, কেচু, প্ৰভৃতি।
 (৪) ৰস্মিত—যিবিলাক প্ৰাণীৰ শিৰ বিলাক এক মূলৰ পৰা- চাৰিও ফাললৈ ওলায় যায়; যেনে পুরুভুজ।
 (৫) অনুদ্ভিন্ন দেহ—এই জাতিৰ অঙ্গ প্ৰত্যঙ্গৰ একো চিন ধৰিব নোৱাৰি; অনেক বিজলৰ অবস্থাতে থাকে। সিহঁত অতি ক্ষুদ্ৰ; স্পঞ্জ আরু পোৱাল এই বৰ্গৰ।

 ওপৰৰ পাচ বৰ্গৰ ভিতৰত, ৰস্মিত আৰু অনুদ্ভিন্ন-দেহ প্ৰাণী বিলাকেই অত্যন্ত অধঃস্থ। সিহঁত দেখিবলৈ উদ্ভিজৰ নিচিনা; এই নিমিত্তে সিহঁতক জু-ফাইট অৰ্থাৎ উদ্ভিজ-প্ৰাণী নাম দিএ। আগৰ

১৪