পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৬৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৬
প্ৰাকৃত-ভুগোল।

এটি কট-ডি-অৰ নামে ফ্ৰাঞ্চ দেশৰ ঠাই এডোখৰত ভালকৈয়ে পোৱা যায়। পূৰ্বে সেই ঠাই অত্যন্ত উৰ্ব্বৰা আরু বাসোপযুক্ত আছিল কিন্তু হঠাৎ হাবি গুচালত সি একেবাৰে অনুৰ্ব্বৰ আরু মরু হল। কেপ-ডি-ভৰ্ড অন্তৰীপত ভয়ানক খৰ হোৱাৰ ঘাই গুৰি হাবি নষ্ট কৰাই। ভাল, কোনো গেলা পচা বস্তু বা পিটনি নেথাকিলে হাবিৰ পৰা, ব য়ু সংশোধন হয়। যথাৰ্থত প্ৰাণী বিলাকে উসাহ লৈ আরু নানা ৰকমৰে বেয়া হোৱা বায়ু সংশোধন হবৰ নিৰ্ম্মল হাবি এক মাত্ৰ উপায়। গ্ৰীচ্‌ দেশ আরু ইটালি দেশৰ হাৱা-পানী যে ক্ৰমে ল'ৰিল আৰু বেয়া হৈ গল তাৰ প্ৰধান কাৰণ হাবি নষ্ট কৰাই। ইত্যাদি হাবিৰ গুণ আছে বুলি আরু আগলৈ কাঠ বহু-মুলীয়া হব জানি আমাৰ ইয়াত চৰ্কাৰৰ পৰা অনেক হাবি ৰখা হৈছে।


দ্বাদশ অধ্যায়।
দেশভেদে প্ৰাণীৰ ভেদ।

ভিন্ন স্থলৰ হাৱা-পানী অনুসৰি, নিৰক্ষ বৃত্তৰ ইফালে সিফালে যি দৰে উদ্ভিজৰ ভেদ হয়, সেই দৰে প্ৰাণী বিলাকৰো ভেদ হয়। এক এক জাতি প্ৰাণীএ এক এক ঠাই যুৰি আছে কিন্তু প্ৰতি জাতি যিমান বা য'লকে যুৰি আছে তাক ইয়াত দেখুৱাবলৈ ঠাইয়ে নোযোৰে। কিন্তু প্ৰধান প্ৰধান বিধ চেৰেকৰ সংস্থান জানিলেই, সিহতৰ লগৰ আন বিলাকৰ ঠাই বুজিব পৰা হব। এই নিমিত্তে সেই প্ৰধান কেই বিধৰ ঠাই ইয়াত দিয়া হব। যদিও এটি মণ্ডলৰ সকলো অংশতে একেবিধ জন্তু নাথাকিব পাৰে, তেও তাৰ লগৰে এবিধ থাকিব।