পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৬১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫০
প্ৰাকৃত-ভূগোল।


মণ্ডল মণ্ডল কৰিব পাৰি। পৃথিবীৰ গতিৰ নিমিত্তে দুই ক্ৰান্তিৰ ওপৰত সূৰ্য্য অনেক দিনলকে স্থিৰ থাকে আরু তালৈ ১০ মাহ মানৰ মুৰত হে জহ আহে; কিন্তু নিৰক্ষ-বৃত্তৰ ওপৰে সূৰ্য্য বছেৰেকত ঠিক দুবাৰ (বা ছমাহৰ অন্তৰে অন্তৰে) পাৰ হয়। এই নিমিত্তে নিৰক্ষ- বৃত্তত সামবৎসৰিক তাপৰ গড় বেচি হয় আরু বাৰও মাহত প্ৰায় সমানে তাপ থাকে, কিন্তু দুই ক্ৰান্তিৰ তলৰ দেশ বিলাকত জহৰ কেই মাহ বৰ জহ হয়, আরু বাকি কিমাহ অত্যন্ত জাৰ হয়। জহৰ কিদিন নিৰক্ষ-বৃত্তৰ দেশতকৈ অনেক গুণে তাত তাপ বেচি হয়। এই কাৰণেই যতমানে বালীয়া মরুভূমি আছে, সকলো দুই ক্ৰান্তিৰ ওচৰত অবস্থিতি কৰে; যদিও কোনো কাৰণ বশতঃ দুই কি ততোধিক মরুভূমি হুহকি আছে। এই নিমিত্তে দুই ক্ৰান্তিৰ তলত বা ওচৰত দুই মরু-মণ্ডল। মকৰ ক্ৰান্তিৰ তলৰ মরুমণ্ডলত উত্তৰ মেক্‌চিকৰ মরুভূমি, উত্তৰ আফ্ৰিকাৰ সাহাৰা, আৰবৰ অধিত্যকা আরু মরুভূমি, অল্প হুহকি পাৰস্যৰ লোণীয়া মরুভূমি, ৰাজপুতনাৰ মরুভূমি, আৰু মৌচুমৰ বৰষুণৰ নিমিত্তে বহুত আঁতৰি থকা মধ্য আশিয়াৰ গোবি মরু পৰে। দক্ষিণৰ মরু মণ্ডলত, লাপ্লাটাৰ গ্লেনকেকোঁ বা মহা মরু, দক্ষিণ আফ্ৰিকাৰ কালা হাবি মরুভূমি আৰু অষ্ট্ৰেলীয়াৰ মধ্যভাগ পৰে। এই দুই মরু-মণ্ডলত উদ্ভিজ্‌ প্ৰায় একেবাৰে শূন্য। দুই মরুমণ্ডলৰ প্ৰত্যেকৰ দুই কাসৰে এখন কৈ চাৰিখন তৃণ-ক্ষেত্ৰ-মণ্ডল বৰ্ত্তমান। বালীময় মরু আরু কাঠনি হাবিৰ মাজত ইহত মাধ্যমিক জখলাৰ খাপ হৈছে; এই চাৰি মণ্ডলত সরু-সুৰা গছ দেখিবলৈ পোৱা যায়। কিন্তু অনেক ভাগ হলে ঘাঁহ আরু বনেৰে ঢকা আছে। এই সকলোৰে মাজত দুই তৃণ-ক্ষেত্ৰ-মণ্ডলক দুই কাসৰে লৈ এটি নৈৰক্ষিক ঘন মহাৰণ্য-মণ্ডল বৰ্ত্তমান। ইয়াত উদ্ভিদ শক্তিৰ মহোৎকৰ্ষ দেখিবলৈ পোৱা যায়। ইয়াত ব্যাগোম গছ আছে আৰু গছৰ মাজত লতা, বেঁত, ওপৰত