পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
প্ৰাকৃত-ভূগোল।

আছে; সেই বাবে খ ঠাইৰ কেৱল সেই পাল খনিহে দেখা পাব। সেই জাহাজ গ ঠাই পালেহি তলৰ পাল খন দিয়েককে দেখিব পাৰিব। ক্ৰমে যেতিয়া প ঠাই পাবহি তেতিয়া সমুদায় জাহাজ ঋন পানীৰ ওপৰে ওলোৱা দেখিব। আরু বেলুনত উঠিও যিমান কি ওপৰলৈ যোৱানহক কেতিয়াও সম্পূৰ্ণ পৃথিবী দেখা নেযায়; মাত্ৰ ক্ৰমে দিগ্‌-বলয় বহল দেখি। পৃথিবী খন পিৰাৰ নিচিনা চেপেটা হোৱাহলে ২য় প্ৰতিকৃতিৰ পৰা জনা যাব যে অলপ ওখ ঠাইত উঠি চালেই সমুদায় পৃথিবী খন দেখা পোৱা গল হেতেন।

  পৃথিবীৰ গোলত্ব প্ৰমাণ কৰিবলৈ ওপৰত দিয়া টোৰ বাহিৰেও আৰু আন প্ৰমাণ দিব পাৰি। প্ৰথম। — মেগেলেন, কুক আদি কৰি বৰ্ত্তমান কাললকে অনেক নাৱৰীয়াই পূবৰ পৰা পশ্চিমলৈ বা পশ্চিমৰ পৰা পূবলৈ মুকৈ নোভোতাকৈ একে দিশে সাগৰে দি গৈছিল। শেষত যি ঠাইৰ পৰা গৈছিলে সেই ঠাই পুনৰ পাইছিলহি। দ্বিতীয়। — জ্যোতিষীয়া পণ্ডিত সকলে প্ৰমাণ পাইছে যে পৃথিবীৰ ছাঁ চন্দ্ৰৰ ওপৰত পৰিলে চন্দ্ৰগ্ৰহণ হয়; পৃথিবী যেনে ভাৰে নেথাকক তেও সেই ছাঁ সদায় ঘুৰণীয়া হৈ পৰে; কেৱল বৰ্ত্তালাকাৰ বস্তুৰ সকলো ভাৱতে ছাঁ ঘুৰণীয়া হয়।

  পৃথিবী সম্পূৰ্ণ বৰ্ত্তূলাকাৰ নহয়; দুই মুৰে অৰ্থাৎ উত্তৰে দক্ষিণে হেচা আৰু মাজত ফিক্‌ খোৱা। এই কাৰণে ৰেবাব টেঙ্গাৰ সদৃশ বোলা হয়। সোহৰ বৃত্তাকাৰ মেৰ এটাৰ এফালে এহাতে আৰু অৰ পোমে-পোনে সিফালে এহাতে হেচাজি ওজন মানুহে