পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৫৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৮
প্ৰাকৃত-ভুগোল।

যদিও তাৰ বাহিৰে আঁতৰি দূৰত উৎপন্ন হোৱা অনেক আছে; মানুহে অনেক কৌশল আরু যতনেৰে এক মণ্ডলৰ উদ্ভিজ আনি আন মণ্ডলত জন্মাইছে; কাৰণ, নিৰক্ষ-বৃত্তৰ ওচৰৰ তাল গছ, কল গছ আদি আসাম দেশতো পোৱা যায়। আরু মেরু-বৃত্তৰ কাসৰৰ উইল গছ বিলাতত জন্মে আরু যতনেৰে আসাম আরু বাঙ্গালা দেশৰ বাগিছাতো অৰ্জা হৈছে। কিন্তু নিজ মণ্ডলৰ বাহিৰে সিহঁতৰ সিমান শ্ৰীবৃদ্ধি নাই; তেও যিমান আঁতৰত উদ্ভিজ, বিলাক গজি বৃদ্ধি হব পাৰে তাৰ সীমা-ৰেখা প্ৰাকৃতিক-ভূ-চিত্ৰত দিয়া আছে। যথাৰ্থতে কোনো ভূ-বৃত্ত (বিশেষকৈ এই কিতাপৰ শেষ দুই অধ্যায়) মানচিত্ৰ নোহাৱাকৈ অধ্যয়ন কৰিলে চেষ্টা ব্যৰ্থ হব। উদ্ভিজ আরু প্ৰাণীভেদ চিত্ৰত যিমান দেখুৱাব পাৰি আরু তাৰ দ্বাৰায় যিমান কৃতকাৰ্য্য হব পাৰি, বৰ্ণনা দ্বাৰায় তাৰ ক্ষুদ্ৰাংশও নোৱাৰি। লাইকেন, কাঠফুলা, শেলাই আদি কোনো কোনো উদ্ভিজ পৃথিবীৰ সকলে অংশতে পোৱা যায়। উত্তৰ গোলাৰ্দ্ধৰ আঠ উদ্ভিজ-মণ্ডলৰ সীমা আরু লক্ষণ তলত দিয়া হল।

  (১) নিৰক্ষ-বৃত্তৰ তাল-ফলৰ মণ্ডল; ই নিৰক্ষ-বৃত্তৰ দুই ফালে ১৫° লঁকে যোৰা। ইয়াত কল, খাজুৰ, নাৰিকল, তাল, টকৌ প্ৰভৃতি গছ প্ৰধানকৈ দেখা যায়। এই মণ্ডলতে লঙ্গ, ডাল-চেনি, ইলাচী আদি মচলাৰ গছও পোৱা যায়।

  (২) জৰি, গছ-ঢেকিয়াৰ অন্তৰয়নান্ত মণ্ডল; ই ১৫° অক্ষাংশৰ পৰা অয়নান্ত বৃত্তলঁকে বিস্তৃত। আশিয়াৰ এই মণ্ডলত জৰি, গছ- ঢেকিয়া, খাজুৰি, আফ্ৰিকাৰ ভাগত বঁৱাবব বা বান্দৰ-পিঠা গছ আদি বৰ ব্যাগোম গছ বিলাক আছে।

  (৩) ডাল-চেনি আরু লৰেল জাতীয় গছৰ বহিৰয়নান্ত মণ্ডল; অয়নান্ত বৃত্তৰ পৰা ৩৪° অক্ষাংশ লঁকে; এই মণ্ডলৰ নতুন পৃথ্বীৰ ভাগ্বত দেবদারু, ওক, আক্ৰোটী গুটিৰ গছ, মেঙ্গোলিয়া, পেলমেটো