পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৫৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৭
দেশভেদে উদ্ভিজ ভেদ।

  উদ্ভিজৰ জীৱন আৰু স্বাস্থ্য প্ৰধানকৈ তিনি বস্তুৰ ওপৰত নিৰ্ভৰ কৰে:— পোহৰ, তাপ,আরু ৰস। পোহৰৰ নিমিত্তেই উদ্ভিজৰ সৌজীয়া বৰণ। যি ঠাইত পোহৰ বেচি তাত সৌজীয়া বৰণটোও বেচি; অন্ধকাৰ ঠাইত বৰণ শেঁতা; এনে অনেক লতা, বন আছে যাৰ পাত বিলাক সদাই সূৰ্য্যৰ ফাললৈ মুকৈ থাকে। সূৰ্য্য-তাপৰ পৰা উদ্ভিজৰ যে অনেক সহায় হয় তাক সকলোএ জানে। চেঁচুকৰ গছ বৰ ডাঙ্গৰ দীঘল নহয়; তাৰ ৰসত সদ্গুণ নাথাকে কিন্তু ৰঁদ ঘাই ঠাইৰ গছ বিলাক ডাঙ্গৰ আৰু দীঘল হয় আরু ৰসত সোৱাদ আরু ভাল গুণ হয়। সকলো গছে একে সমান তাপ সহ্য কৰিব নোৱাৰে। তপত দেশৰ গছ চেঁচা দেশলৈ নিলে মৰে; জীয়াই ৰাখিব লগা হলে ঘৰ সাজি কৃত্ৰিম তাপ দি থোয়া হয়। আরু চেঁচা দেশৰ গছ আনি তপত দেশত রুব লাগিলে ছাত ৰোৱা যায়। এটাইতকৈ উদ্ভিজে ৰসৰ ওপৰত ঘাইকৈ নিৰ্ভৰ কৰে; ৰস নহলে উদ্ভিজ হবই নোৱাৰে। এই ৰস উদ্ভিজ বিলাকে তিনি রূপে গ্ৰহণ কৰে :— (১) বায়ুত থকা পানীৰ ভাপ স্বরূপে গা-গছে যাক শুহি লয় (২) প্ৰকৃত পানীস্বরূপে, যি পুনি, মৃণাল প্ৰভৃতি উদ্ভিজৰ চাৰিও কাসৰে থাকে (৩) আরু মাটিৰ ৰস স্বরূপে মাটিৰ যৌগিক পদাৰ্থ বিলাকৰ ওপৰত উদ্ভিজে অনেক নিৰ্ভৰ কৰে। তাড়িত, বায়ুৰ চাপ, বায়ুৰ গতি, বায়ু মণ্ডলৰ নিৰ্ম্মলতা এই বিলাকেও উদ্ভিজক অনেক পৰিমাণে পৰিবৰ্ত্তন কৰিব পাৰে। হাৱা-পানী শব্দে যদিও অনেকে পানী বা ৰস আরু বায়ুৰ উষ্ণতাকে প্ৰধানকৈ বুজে, তথাপি ওপৰত লিখা সকলো কাৰণকে তাৰ ভিতৰত ধৰিব লগা হয়। নানা দেশৰ হাৱা-পানী অনুসাৰে পৃথিবীৰ ওপৰত উদ্ভিজৰ বিভিন্নতা আছে, তাক দেখুৱাবৰ নিমিত্তে উত্তৰ গোলাৰ্দ্ধক সাধাৰণতে আঠ-মণ্ডল কৰি ভাগ কৰা হয়।

  উদ্ভিজ বিলাক নিজ মণ্ডলত অত্যন্ত প্ৰচুৰরূপে উৎপন্ন হয়;