পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৫৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৫
দেশভেদে উদ্ভিজ ভেদ।

তথাপি সেই মানুহৰ মাজতো, বিভিন্ন দেশত থকা বাবে লৰ দেখি- বলৈ পোৱা যায়।

 উদ্ভিজ আরু জন্তু বিলাক দেশে দেশে এনে রূপে ভাগ কৰি দিয়া আছে যে তাক দেখিলে বোধ, হয় যেন স্বভাৱে মানুহৰ প্ৰবৰ্ত্তনৰ নিমিত্তে উদ্ভিজ আরু জন্তুবিলাক সেই দৰে সংস্থান কৰিছে। যঁত বাহিৰৰ তাপ বেচি তঁত মানুহ বিলাক অধিকাংশ তৃণ-জীৱী; সেই সকলো বিলাকৰ মাংসাহাৰ অপ্ৰয়োজন আরু উদ্ভিজ বস্তুৰ পৰা যি সুতা হয় তাৰ কাপোৰেই যথেষ্ট। সেই নিমিত্তে গ্ৰীষ্ম-মণ্ডলত উদ্ভিজৰ বৃদ্ধি হৈছে। কোকনোকালি শীত মণ্ডলত জাৰ বৰ বেচি, উদ্ভিজ কম আরু মানুহৰ শৰীৰ উমেৰে ৰাখিবৰ নিমিত্তে তেল আরু মাংসাহাৰৰ আৱশ্যক, আরু দীঘল ৰাতিত চাকিৰ বেচি প্ৰয়োজন। তেলৰ নিমিত্তে তিমি, চিল, প্ৰভৃতি মাচ, আরু কাপোৰৰ নিমিত্তে ঘন আরু গৰম নোম লগা জন্তু বিলাক অধিক। দুইৰো মাজৰ সম- মণ্ডলত বৰ জহ বুলি অকল শস্যাহাৰকে যে কৰিব লাগে নতু বৰ জাৰ বুলি সুদা মাংসকে খাই থাকিব লাগে এনে নহয় কিন্তু দুইকো খাই প্ৰাণ ধাৰণ কৰিব লগা হোৱাত জন্তু আরু উদ্ভিজৰ সমান প্ৰাদুৰ্ভাব। সেই দৰেই, যি বিলাক জন্তু মানুহৰ কামত আহে সিহতকো দেশ চাই স্ৰজন কৰা হৈছে; গ্ৰীষ্ম-মণ্ডলত অসহ্য অপাৰ বালীয়া মরু ভূমিৰ তৰণী স্বরূপ উট, সম-মণ্ডলত ঘোৰা, গরু, মঁহ আরু শীত-মণ্ডলত ৰিণ পহু স্ৰজন কৰি দিছে।

  গ্ৰীষ্ম-মণ্ডলত ৰস আরু তাপ অত্যন্ত বেচি; এই নিমিত্তে ইয়াত যিমান উদ্ভিজৰ বৃদ্ধি আরু সংখ্যা অধিক দেখা যায়। আন কেই মণ্ড- লত সিমান নাই। গ্ৰীষ্মমণ্ডলৰ পৰা উত্তৰ আরু দক্ষিণলৈ ক্ৰমে ৰস আরু তাপ হ্ৰাস দেখা যায়। এই নিমিত্তে উদ্ভিজো ক্ৰমে কমতি হয়, শীত মণ্ডলত একেবাৰে প্ৰায় নাইকিয়া হৈছে; যি বা

অলপ আছে সিও চাপৰ আরু সেৰেঙ্গা। মরু ভূমিত ৰস নাই

১৩