পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৫৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৩
ভূমিকম্প আরু আগ্নেয়গিৰি।

হল আরু সেই গহ্বৰৰ পৰা জুই, ধোঁৱা, ছাই, শিল, দ্ৰৱ প্ৰস্তৰ অতি বেগেৰে ওলাবলৈ ধৰিলে। ৭দিনৰ নিমিত্তে ক্ৰমাগত এই দৰে আছিল; তাৰ পাছত বন্ধ হল।

  নিৰ্ব্বাপিত বা নুমুৱা আগ্নেয়গিৰি এৰিও এতিয়া পৃথিবীৰ ওপ- ৰত ৩৯০ টাত কৈ সৰহ আগ্নেয়-গিৰিৰ লেখ ওলাইছে। আগ্নেয়-গিৰি বিলাক অকল সৰীয়া হৈ নাথাকে। সকলো বিলাকে শাৰি পাতি থকা দেখা গৈছে। স্বমবোৱা দ্বীপৰ তুম্ব‌ৰ আগ্নেয়-গিৰিকে কেন্দ্ৰ, কৰি তিনি ফালে তিনি শাৰি পৰ্ব্বত আছে। এ শাৰি আগ্নেয়-গিৰি, ফিলিপাইন-পুঞ্জ, জাপান দ্বীপ, কামস্কটকা উপদ্বীপেদি গৈ আলিউ- টিয়ান দ্বীপ বিলাক পৰ্য্যন্ত আছে; আন এশাৰি তুম্বৰৰ আগ্নেয়- গিৰিৰ পৰা আৰম্ভ হৈ জাৱা সুমীত্ৰায় দি গৈ মরু (বেৰেন) দ্বীপত অন্ত হৈছে আরু আন এশাৰি সেই একে আগ্নেয়গিৰিতে আৰম্ভ হৈ নৱগিনি, চলমান, নিউহেব্ৰীডিজ্‌ প্ৰভৃতি দ্বীপ বিলাকে দি গৈ নিউ-জিলেণ্ডত অন্ত হৈছে। আমেৰিকাত কেৰিবিয়েন উপসাগৰক কেন্দ্ৰ কৰি লৈ এশাৰি তাৰপৰা ওয়েষ্ট-ইণ্ডিজ্‌ দ্বীপ বিলাকৰ ওপৰে যায়; এশাৰি তাৰ পৰা আৰম্ভ হৈ এণ্ডিচ পৰ্ব্বত শ্ৰেণীৰ ওপৰে দি যায়, আন এশাৰি তাৰ পৰাই আৰম্ভ হৈ মেকচিকোঁ আরু এণ্ডিজ পৰ্ব্বতৰ ওপৰে এলিউটীয়ান দ্বীপ বিলাকত অন্ত হৈছে গৈ। বিশিষ্ট এই যে আগ্নেয়-গিৰিৰ কেন্দ্ৰ-স্বরূপ যি দুই ঠাই আছে সেই দুই ঠাই পৰস্পৰৰ নিমিত্তে পাদ-বিপক্ষ আরু পূৰ্ব্ব গোলাৰ্দ্ধৰ অগ্নি-গিৰিৰ শাৰি বিলাক পশ্চিম গোলাৰ্দ্ধৰ বিলাকৰ সৈতে পাদ-বিপক্ষ সমান্তৰাল যেন দেখা যায়। আগ্নেয়গিৰি বিলাক সমুদ্ৰৰ তলতো থাকিব পাৰে আরু ক্ৰমে তাৰ লোৱাচুৰ গোট খাই সমুদ্ৰৰ ওপৰ হলে দ্বীপ বুলি গণ্য হয়। বঙ্গোপসাগৰৰ মরুদ্বীপ এই দৰেই উৎপন্ন হয় আরু বোধ হয় আগৰ দিনৰ এইয়ে বাড়বাগ্নি আছিল।

⸻⸻