পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৫১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪০
প্ৰাকৃত-ভুগোল।

লুপ্ত হৈ আছিল। কিন্তু এতিয়া প্ৰায় সম্পূৰ্ণ খানি উলিওয়া হল। ১৮০০ বছৰ পূৰ্ব্বৰ সিজোৱা হাঁ-কনি পৰ্য্যন্ত একো লৰ নোহোৱাকৈ সম্পূৰ্ণ বাহিৰ হৈছে। সেই দুৰ্ঘটনাৰ সময়ত হুল-স্থুলত মানুহে যঁত যেনেকৈ বস্তু এৰি গল আরু যত যি মানুহ পৰি মৰিল তঁতে দ্ৰৱ লোৱা- চুৰে চকাত, টান মাৰি শিল যেন হৈ আছিল; এতিয়া সেই নগৰ খানি উলিওয়াত সেই কালত মেজ-মাচিয়া আদি ঘৰৰ সজুলী কেনে আছিল আরু মানুহে কেনে সাজ পিন্ধিছিল তাক চিন-চাব মাৰি থোৱা পাইছে। ১৮১৫ সনত স্বমবোৱা দ্বীপৰ তুমবৰ আগ্নেয়-গিৰিৰ উৎপাতৰ সময়ত ইমান ছাই ওলাইছিল যে তাৰ নিমিত্তে দু-শ মাইলত কৈও দূৰ জাৱা দ্বীপত দিনতে ঘোৰ ডাৱৰীয়া আওঁসিৰ ৰাতিৰ আন্ধা- ৰত কৈও বেচি আন্ধাৰ হৈছিল। আরু সুমীত্ৰা দ্বীপৰ পশ্চিমে সাগ- ৰত পৰি ওপঙ্গি থকা ছাই ইমান উটি গৈছিল যে তাৰ মাজে জাহাজ চলিবলৈ টান হৈছিল। সেই আগ্নেয়গিৰিৰ ছাই আকাশৰ ওপৰে দি বতাহত উড়ি আহি ৮০০ মাইল দূৰত থকা, বাণ্ডা আরু এম্বইনা দ্বীপত পৰিছিলহি। এই দৰে ছাই ওলোৱাৰ পাছত তাৰ লগতে গহ্বৰৰ পায় আরু মেৰটো ভাগি ওপৰলৈ উৰি যায়। এণ্ডিচ পৰ্ব্বতৰ কোটাপাক্সি আগ্নেয়-গিৰিৰ উৎপাত হওঁতে ২৭০ মোন গধুৰ এনে এড়োখৰ প্ৰন্তৰ ৯ মাইল দূৰত ক্ষেপণ কৰা হৈছিল বুলি লিখা আছে; ছাই ক্ষেপণ কৰা আদি এই বিলাক আড়ম্বৰ হৈ গলে, তাৰ পাছত যথাৰ্থ অগ্ন্যুৎপাত আৰম্ভ হয়। গহ্বৰৰ ভিতৰৰ পৰা প্ৰচণ্ড বেগেৰে তপত ৰঙ্গা শিল একো ডোখৰ ওপৰলৈ উফৰিবলৈ ধৰে; ওপৰত জুই জলি বলৈ ধৰে; মাজে মাজে ভয়ঙ্কৰ ধ্বনি শুনিবলৈ পোৱা যায়। গহ্বৰ ক্ৰমে উতলা দ্ৰৱ প্ৰস্তৰৰে পৰিপূৰ্ণ হয় আরু তাৰ পাছত দ্ৰৱ অগ্নিৰ ঢল স্বরূপ পৰ্ব্বতৰ গাৰ ওপৰে দি দ্ৰৱ প্ৰস্তৰ বাগৰিবলৈ ধৰে আরু ক্ৰমে আগ- বাঢ়ি ওচৰৰ গাওঁ, নগৰ, বন, পথাৰ সকলোকে পুতি পেলায়। বৈ অহা এই বিলাক উতলা বস্তুকে লাৱা বা আগ্নেয়গিৰিৰ লোৱাচুৰ কয়