ভূমিকম্পৰ গতি সদাই একে দৰে নহয়। সাধাৰণতে, পানীৰ ওপৰত দলি পেলালে যেনেকৈ ঢৌবিলাক সমানে সকলো ফাললৈ যায়, সেই দৰে ভূমিকম্পৰো গতি হয়। কিন্তু ঠাই বিশেষে আরু সময় বিশেষে অণ্ডাকাৰ ভাৱত চলে বা বহলে অলপ ঠাই যুৰি দীঘে বহুত দূৰ ব্যাপি চলে।
ইং ১৮১৯ সনত ১৬ জুন তাৰিখে এটা ভূমিকম্প হৈ গুজৰাট দেশৰ উত্তৰত থকা ৰণ নামে দেশ এখন বহি যায় আরু সমুদ্ৰৰ পানীএ সিন্ধুনদৰ মুখৰ সুতি এটাই দি উভতি বৈ সেই দেশ লোৱাত, এতিয়া ৰণ হ্ৰদ বুলি খ্যাত হৈছে। আরু ওচৰতে আন এঠাইত ১০০ মাইল মান দিঘল ঠাই এডোখৰ ওখ, হৈ পৰাত পানীত তল যোৱা বহুত মানুহ তাৰ ওপৰত উঠি সাৰিল; এই নিমিত্তে তাৰ নাম আলা-বন্দ বা ঈশ্বৰৰ ধাপ বুলি খ্যাত হল। ওচৰৰ সকলো ঠাইত- কৈ যি ভাগ দ বা চাপৰ সেই ভাগে দিয়েই নৈ বয় যদি ভূমিকম্পৰ দ্বাৰায় পূৰ্ব্বে ওখ থকা ঠাই ভাগ চাপৰ হয় আরু নৈ বৈ যোৱা ঠাই খন ওখ হয়, তেন্তে নদীএ পূৰ্ব্বৰ জান তৎক্ষণাৎ এৰি নতুন বাট উলিয়াই লঁব।
নৱম অধ্যায়ত কৈ অহা হৈছে যে পৃথিবীৰ ১০০০ মাইল মান ডাঠ খোলাটোৰ ওপৰৰ পৰা ৩১ মাইল মান দত ইমান তাপ আছে যে ওপৰত হোৱা হলে তাৰ স্তৰ এটাই খিনি দ্ৰৱ হল হেতেন; কেৱল ওপৰৰ তৰপ বিলাকৰ হেচা পৰাৰ নিমিত্তে সিমান তাপতো দ্ৰৱ হোৱা নাই। যদি কোনো প্ৰকাৰে সেই হেচা কম হয় বা গুচে তেন্তে অৱশ্যে সিমান দত থকা প্ৰস্তৰ খিনি দ্ৰৱ হব। ভূমিকম্প হলে যদি কোনো এটা ফাট ওপৰৰ পৰা সিমান দলঁকে হয়, যদিবা পৃথিবীৰ ক্ৰমাৎ সঙ্কোচৰ কাৰণে কেতিয়াবা ওপৰৰ তৰপ বিলাক অলপ সময়ৰ নিমিত্তে দাং খায়, যদি সমুদ্ৰৰ পানী কোনো সুরুঙ্গায় দি গৈ তপত স্তৰ পাই তেতিয়া ইমান ভাপ হব যে ওপ-