পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৭
ভূমিকম্প আরু আগ্নেয়-গিৰি।

সেই অংশ কম্পমান কৰি যায়; সেই নিমিত্তেই ভূমিকম্পৰ সময়ত কেতিয়াবা অকস্মাৎ বৰষুণ পৰে।

  (৪) পৃথিবীৰ অন্তৰ ক্ৰমে চাপ খাই যোৱাত বাহিৰৰ ভাগত সদাই এটা টাণ পৰি থাকে আরু অকস্মাৎ অঁত তঁত কোনো থল ভাগিলে তাৰ দ্বাৰায় এটা শব্দ হয় আরু চাৰিও কাসৰৰ মাটি খন কঁপিবলৈ ধৰে।

  ভূ-তত্ববিৎ, পণ্ডিত সকলৰ মতে ভূমিকম্প তিনি বিধ হব পাৰে:— প্ৰথম, উৎক্ষিপ্ত কম্পন; এনে কম্পন হলে ভূমি ওপৰলৈ, উফৰি যায় যেন লাগে। ১৮৫৩ সনত যি ভূমি কম্পৰ কাৰণে চিওম্বা নগৰ নষ্ট হয় সি এনেকুৱা আছিল। তাৰ বলত পৰ্ব্বতৰ ওচৰত থকা গাৱঁৰ মানুহ পশু বিলাক উফৰি পৰ্ব্বতৰ টিঙ্গত পৰিছিল। দ্বিতীয় উৰ্ম্মিবৎ কম্পন; এনে কম্পনত মাটিৰ তলত ঢৌ যোৱা যেন অনুমান হয়; অৰ্থাৎ ঠাই ডোখৰ এবাৰ ওপৰলৈ এবাৰ তললৈ লৰিবলৈ ধৰে। সামান্য ভূমিকম্প এনেকুৱা। তৃতীয় ঘূৰ্ণীত বা অৰ্দ্ধ ঘূৰ্ণীত কম্পন; ই সকলোতকৈ ভয়ানক। ইয়াত এডোখৰ মাটি আন এডোখৰৰ মাজত সোমাই গৈ আরু মূহৰ্ত্ততে প্ৰাণী উদ্ভিজ বিলাকৰ স্থান পৰি- বৰ্ত্তন কৰাই। লিচবন্‌ আরু কেলিব্ৰীয়া নগৰ দুখন এনে ভূমি কম্পতে নষ্ট হয়। আৰ মাটি গৈ তাৰ মাটিৰ মাজত সোমোয়াত আরু আৰ ঘৰ তাৰ বাড়ীলৈ যোৱাত ভূমি কম্পৰ পাছত অনেকৰ কন্দল হৈছিল আরু তাৰ নিমিত্তে কাছাৰি ঘৰত সোধ হব লগা হৈছিল। লিচ্‌ বনৰ ভূমিকম্প অতি ভয়ানক; ই ইং ১৭৫৫ সনত ঘটে। প্ৰথমতে বজ্ৰ ধ্বনিৰ নিচিনা শব্দ এটা মাটিৰ তলৰ পৰা শুনা যায় আরু এক মুহৰ্ত্তৰ ভিতৰত এটা জোকাৰতে প্ৰায় সমুদায় নগৰ চুণ-স্যাত হল। ৬০ হাজাৰৰ ওপৰ মানুহ মৰে। নদীৰ পানী প্ৰথমতে পাৰৰ পৰা সমুদ্ৰলৈ আঁতৰি গৈছিল কিন্তু অলপৰ পাছতে পূনৰ ৩০। ৪০ হাত ওখ হৈ এটা ঢৌ স্বরূপে পাৰৰ ফাললৈ আহি নগৰত সোমাই বহুত মানুহ, বস্তু-বাহানি উটাই নিলে।