দশম অধ্যায়।
ভূমিকম্প আরু আগ্নেয়-গিৰি।
বছৰো আসাম দেশেত ভূমিকম্প নোহোয়াকৈ প্ৰায় সাৰি নাযায়। অতএব আমাৰ দেশৰ মানুহে ভূমিকম্প বা ভূঞকপ কি বস্তু তাক ভাল কৈ জানে। ভূমি কম্প হোৱাৰ কিছু পূৰ্ব্বে শিলৰ আলিৰ ওপৰত ঘোৰা-গাড়ী যোৱা শব্দৰ নিচিনা পৃথিবীৰ অন্তৰৰ পৰা গভীৰ গৰ্জ্জন অহা যেন শুনা যায়। পাছে ভূমি, পানীৰ তৰঙ্গৰ নিছিনাকৈ কৰিবলৈ ধৰে। কেতিয়াবা সরুকৈ এটা জোকাৰ মাৰে; কেতি-য়াবা ইটোৰ পাছত সিটো দুই তিনি পলমান কাল ঢৌ অহাৰ দৰে জোকাৰ বিলাক আহি থাকে আরু তাৰ মাজে মাজে এটা বা দুটা বৰ টান জোকাৰ মাৰে। এই টান জোকাৰতে (যাৰ স্থিতি-কাল মাত্ৰ কি জানি ৪|৫ বিপল মানহে হব সেই ফেৰা কালৰ ভিত-ৰতে) যতমানে মহা ভয়ঙ্কৰ অনিষ্ট হয়। ১৮৬৮ সনত কাৰাকাৱ প্ৰদেশত হোৱা ভয়ানক ভূমিকম্পৰ স্থিতি কাল দুই পল মাত্ৰ; তাতে সেই গোটেই দেশ নষ্ট হয়। এই সময়ৰ ভিতৰত তিনটা জোকাৰ মাৰে; প্ৰত্যেক জোকাৰটো ৫|৬ বিপল মান স্থায়ী। কিন্তু অত্যন্ত অনিষ্টকৰ ভূমিকম্প একে জোকাৰতে অন্ত হয়। ভূমিকম্পৰ সম-য়ত ঘৰ বিলাক বিশেষ কৈ ইটাৰ ঘৰ বিলাক ভাগি পৰে। মানুহে ঘৰ এৰি বাহিৰত হাত ধৰাধৰি কৰি বা মাটিত পৰি শুই থাকে। কিন্তু তাতো নাসাৰে, সাগৰৰ দাতিৰ নগৰ হলে, সাগৰ অলপ সময়ৰ নিমিত্তে পাৰৰ পৰা আঁতৰি গৈ আকৌ পাৰৰ ফাললেকে ৪০|৩০ হাত ওখ গড়াৰ নিচিনা হৈ লৰি আহে আরু পাৰৰ ওপৰৰ মানুহ গরু সকলোকে উটাই নিএ; কোনো ঠাইত মাটি ফুটি পানী