পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৪
প্ৰাকৃত-ভূগোেল।

আরু সেই বিলাক মগ্ন গিৰিৰ আগ যদি সমুদ্ৰৰ ওপৰে ওলাইছে দ্বীপ বুলি খ্যাত হৈছে। পৃথিবীৰ অসমান সঙ্কোচন ব্যাপাৰ বহু কাল ব্যাপি অবিচ্ছেদে ঘটিবই লাগিছে এই নিমিত্তে মুহূৰ্ত্ত স্থায়ী মানুহে গম ধৰিব নোৱাৰাকৈ নতুন পৰ্ব্বত স্ৰজন, সমুদ্ৰৰ স্থান স্খলন হবই লাগিছে আরু হৈ থাকিব।

  এই দৰে ওপৰৰ চেঁচা তৰপ বিলাক খহি পৰোতে ঘহনি খাই যি তাপ উৎপন্ন হয় সেই তাপত কোনো ভাগ দ্ৰৱ হয় আরু ভগা তৰপৰ মাজে মাজে সোমায়; নতুবা ওপৰলৈ সেই দ্ৰৱ বস্তু উঠি বায়ু আরু পানীৰ সংসৰ্গত সোনকালে টান মাৰি কঁলা আরু চক- চকীয়া হৈ থাকে। তেনে প্ৰস্তৰক ট্ৰেপ' প্ৰস্থৰ বোলে। তাৰ নক্সা ১৩ প্ৰতিকৃতিত ট আখৰৰ দ্বাৰা দেখুৱা হৈছে। সেই দ্ৰৱ প্ৰস্তৰৰ যি ভাগ, তৰপ বিলাকৰ তলত থাকে বায়ু বা পানীৰ সৈতে সংসৰ্গ হবলৈ নাপায় সেই ভাগ সোনকালে চেঁচা নহয় আরু স্বচ্ছ বা কঁলা হব নোৱাৰে কিন্তু টান হয় সেই বিলাক প্ৰস্তৰক গ্ৰানিট বোলে। তাক ১৩ প্ৰতিকৃতিত ন আখৰৰ দ্বাৰায় দেখুৱা হৈছে। ট্ৰেপ প্ৰন্তৰ বিলাক যথাৰ্থতে পূৰ্ব্ব কাল আগ্নেয়গিৰিৰ লোৱাচুৰ। ভাৰতবৰ্ষৰ পশ্চিম অঞ্চলত ট্ৰেপ প্ৰস্তৰ বিস্তৰ দেখা যায়। নাগ- পুৰ আরু বোম্বাই এই দুই ঠাইৰ মাজৰ সমুদায় দেশখনতে এই ট্ৰেপ প্ৰস্তৰ বহু ঠাই যুৰি পৰ্ব্বতাকাৰে পৰি আছে, দ্ৰৱ অবস্থাত ওলোৱা বুলি ট্ৰেপ, প্ৰস্তৰৰ পৰ্ব্বত বিলাক ওপৰত সমান আরু কোনোটো হত জখলাখপীয়া। (তাৰ পৰাই ট্ৰেপ নাম পায়; কাৰণ সুইডীয়া ভাষাত ট্ৰেপস্ মানে জখলা) কিছু সময়ৰ অন্তৰে অন্তৰে দ্ৰৱ প্ৰস্তৰ ওলাই ছিল বুলি তেনে জখলা খপীয়া হৈ কোনো কোনো ঠাইত বৰ ডাঙ্গৰ ফাটৰ মাজে সোমাই ট্ৰেপ প্ৰস্তৰ টান মাৰি ট্ৰেপ প্ৰাচীৰ নাম পাইছে।

⸻⸻