পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩১
ভূ-ভাগৰ বাহ্যিক গঠন আরু সন্নিবেশ।

  পৃথিবী খনক অন্তৰৰ তাপ সম্পৰ্কে, চেঁচা হবলৈ দিয়া ইটাৰ বা চণ ভোটা এটাৰ সৈতে তুলনা কৰিব পাৰি। ভোটাৰ অন্তৰৰ পৰা তাপ ক্ৰমে ওপৰৰ লেপৰ মাজেদি ওলাই ভিতৰখন চেঁচা হয়। ভিতৰৰ পৰা তাপ পৰিচালন হৈ ভোটাৰ লেপৰ ওপৰত গোট খাবলৈ নাপায়; তৎক্ষণাৎ আকাশলৈ তাপ গুচি যাই। এই নিমিত্তে বাহিৰ ভাগ প্ৰায় সদাই সমান চেঁচা থাকে। ভোটা চেঁচা হবলৈ দিয়াত যেনেকৈ ওপৰত হাত দিব পাৰি, অত্যন্ত প্ৰবল রূপে জলি থাকোতেও প্ৰায় সেই দৰেই পাৰি। কিন্তু লেপ অলপ গুচাই ইটাত হাত দিয়া অসাধ্য। পৃথিবী খনৰো সেই কথা; ভিতৰ খন ক্ৰমে চেঁচা হৈছে, বাহিৰ খন সৰ্ব্ব প্ৰথমে চেঁচা হল; কিন্তু বহুকাল প্ৰায় একে সমানে চেঁচা আছে। সূৰ্য্য-তাপ নোহোয়া হলে নিৰক্ষ বৃত্ততো মেরুৰ সমান জাৰ হল হেতেন। বস্তু তপত অৱস্থাতকৈ চেঁচা অৱস্থাত সরু হয়। কমাৰে তাকে জানি, কাঠৰ চাকা এটাত লোহৰ মেৰ খুৱাব লাগিলে অগেয়ে মেৰটো তপত কৰি ঢিলা কৰি লয়। পাছে মেৰৰ ভিতৰত কাঠৰ চাকা সুমাই পানী ঢালি চেঁচা কৰে; তাতে লোৱৰ মেৰে ঠেক হৈ কাঠৰ চাকাটোক আঁটি ধৰে। আকৌ, বস্তু যিমান পৰিমাণে চেঁচা হয়, সিমান পৰিমাণে সঙ্কুচিত হয়। এই নিমিত্তে পৃথিবীৰ ভিতৰখন বেচি চেঁচা হয় বুলি, বেচি সঙ্কুচিত হয় কিন্তু ওপৰ ভাগ প্ৰায় সদাই সমান চেঁচা এই নিমিত্তে সি সিমান সঙ্কুচিত নহয়। এই দূৰে অন্তৰ ভাগ ক্ৰমে সরু হৈ গলে, আরু তাৰ পৰিমাণে বাহিৰ খন সঙ্কুচিত নহলে যে ভূমিৰ উৰ্দ্ধক্ষেপণ অধঃপতন হব পাৰে, তাক তলৰ প্ৰতিকৃতিৰ পৰা বুজি লব পাৰি।

 ১৪ প্ৰতিকৃতিৰ ক খ এই ঘোৰ বৰণৰ মেৰটোয়ে পৃথিবীৰ ওপৰ ভাগ বুজাইছে যি ভাগৰ সদা সৰ্ব্বদা প্ৰায় একে সমান তাপ আরু সেই নিমিত্তে প্ৰায় সঙ্কুচিত নহয়; তাৰ ওপৰত গ ঘ মেৰটোএ