কোনো ঠাইত কিছু দত হব পাৰে। বোধ হয় নিৰক্ষ বৃত্তৰ তলত সৰ্ব্বপেক্ষা দত থাকে, ক্ৰমে দুই মেৰুৰ ফাললৈ উঠি গৈছে। এনে সম-তাপৰ ঠাইৰ পৰা ক্ৰমে দলৈ ৬০ ফুটত ১° ফা. তাপ বাঢ়ি যোৱাৰ প্ৰমাণ পোৱা হয়। তেনে হলে অৱশ্যে পৃথিবীৰ সকলো অংশত, ১০,০০০ বা ২০,০০০ ফুটৰ তলতে উত্তলা পানীৰ সমান তাপ থাকিব। পৃথিবীৰ ওপৰত ২৭৩২ ফা তাপত লো দ্ৰৱ হয়; এই নিৰিখে হলে ৩১ মাইল দত পৃথিবীৰ স্বাভাবিক তাপেই লো দ্ৰৱ হব পৰাৰ সমান; আরু লো দ্ৰৱ অৱস্থাত থাকিল হেতেন। কিন্তু জানিব লাগে যে হেচা বা চাপ বেচি হলে যেই সেই বস্তু দ্ৰৱ হবলৈ তাপো বেচি হব লাগে। ওপৰৰ তৰপৰ ভাৰ পৰি ক্ৰমে পৃথিবীৰ তললৈ চাপ বেচি হৈ গৈছে। আমাৰ গণনাত এই ক্ৰমাৎ বৰ্দ্ধিত হেচা বা চাপৰ পৰিমাণকো ধৰিব লাগে। এই দৰে লেখ কৰি হপকিন্চ্ চাহাবে স্থিৰ কৰে যে ১০০০ মান মাইল দত সকলো ৰকম পদাৰ্থ দ্ৰৱ অৱস্থাত থাকিব। পৃথিবীৰ খোলা স্বরূপ টান ভাগ ১০০০ মাইল ডাঠ; তাৰ ভিতৰত ৫৯১২ মাইল ব্যাসৰ এটা উত্তপ্ত দ্ৰৱ প্ৰস্তৰৰ পিণ্ড আছে। মাটিৰ তলৰ পৰা আগ্নেয় গিৰিৰ লোৱাচুৰ, উষ্ণ প্ৰস্ৰবণৰ তপত পানী আদি যি বিলাক বস্তু ওলায়, সেই বিলাকে যথেষ্ট রূপে প্ৰমাণ দিয়ে যে, পৃথিবীৰ অন্তৰ খন অত্যন্ত তপত। কিন্তু ভাবিব না লাগে যে আগ্নেয় পৰ্ব্বতৰ লোৱাচুৰে বা উষ্ণ উৎসৰ পানীয়ে পৃথিবীৰ ৰাজৰ অগ্নিময় পিণ্ড চুই আহিছে। এই বিলাক বস্তু পৃথিৱীৰ খোলাৰ নিচেই ওচৰ ভাগতে উৎপন্ন হব পাৰে। (আগ্নেয় গিৰিৰ অধ্যায় চাবা)। পৃথিবী সৰ্ব্ব প্ৰথমে সূৰ্য্যৰ দৰে দ্ৰৱ উত্তপ্ত স্তৰৰ আরু বাষ্পৰেই আছিল কিন্তু কাল ক্ৰমে চেঁচা পৰি ওপৰৰ ভাগ টান হৈ আরু প্ৰাণীৰ আবাস স্থান হল। অন্তৰ ভাগো ক্ৰমে চেঁচা হৈছে কিন্তু টান হব পৰা নাই; ইমান লাহে লাহে চেঁচা হৈছে যে কেবা জাৰ বছৰতো তাপ পৰিমাণৰ লৰ হোৱা পম ধৰিব নোৱাৰি।
পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৪১
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩০
প্ৰাকৃত-ভূগোল।