পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৯
ভূ ভাগৰ বাহ্যিক গঠন আরু সন্নিবেশ।

আন আন ঠাইও সমুদ্ৰৰ গৰ্ভৰ পৰা উঠি বাম হল কেৱল দুঠাই আগৰ সমানে দ থাকিল আরু সেই দুঠাই এতিয়া কাস্পীয়ান আৰু আৰাল হ্ৰদ বুলি জনা আছে। উত্তৰ আফ্ৰিকা সাহাৰা মরুও আগৰ দিনৰ সমুদ্ৰৰ শুকান তলী। দাক্ষিণাত্য অত্যন্ত প্ৰাচীন যুগৰ পৰা হিমালয় পৰ্ব্বত সমুদ্ৰৰ গৰ্ভত থাকোতেই, ভূমি অৱস্থাত আছিল আরু সুমিত্ৰা, অষ্ট্ৰেলিয়া, মাডাগাস্কাৰ, দক্ষিণ আফ্ৰিকা সৈতে সংলগ্ন হৈ এক মহাদেশ আছিল; কিন্তু পাছে দক্ষিণ ভাগ বহি গৈ ভাৰত সমুদ্ৰ হয়। আরু বহি যোৱা পৰ্ব্বতৰ শিখৰত, চল পাই পোৱাল বিলাকে বাহ সাজি মালদ্বীপ, লাক্ষাদ্বীপ উৎপন্ন কৰে। দক্ষিণ স্থিৰ সমুদ্ৰৰ অসংখ্য দ্বীপমালা বিলাক বোধ হয় ক্ৰমে মগ্ন হৈ যোৱা আন এক বিস্তীৰ্ণ মহাদেশৰ পৰ্ব্বত বিলাকৰ শিখৰাগ্ৰ। ভূমিৰ ক্ৰমাৎ উৰ্দ্ধক্ষেপণ আৰু অধঃপতন আছে। (ভূমি- কম্পৰ অধ্যায়ত চাবা। )

  দেখিবলৈ অচল ভূমি যি সকল তাৰ কাৰণ কি? এই বিষয়ে অলপ অনুসন্ধান কৰা যাওক। পৃথিবী পৃষ্ঠৰ ওপৰত যি তাপ আমা- লোকে পাওহক, সি সম্পূৰ্ণ সূৰ্য্য মূলক আরু সেই নিমিত্তেই দিনতকৈ ৰাতি জাৰ; কিন্তু মাটিৰ ইঞ্চি দিয়েকৰ তলত দিন ৰাতিৰ ভিন্ন তাপ পোৱা নাযায়। গাঁত এটাত তাপমান যন্ত্ৰ ৰাখি তাৰ প্ৰমাণ চাব পাৰি। ঋতু পৰিবৰ্ত্তন অনুসাৰে পৃথিবীৰ ওপৰত যি জাৰ জহৰ লৰ দেখি, তেনে লৰ তলতো দেখি কিন্তু ৮০। ৯০ ফুট মাটিৰ তলত তাকে দেখা নাযায়; গোটেই বছৰ সিমান তলত একে সমান তাপ থকা প্ৰমাণ পোৱা গৈছে। পেৰি নগৰৰ “অবজৰ্ভেটৰীত” ৯০॥ হাত দত এটা কোঠালি আছে; সেই কোঠালিত যি তাপমান যন্ত্ৰ আছে, তাৰ পাৰা বাৰও মাহ একে ঠাইতে থাকে। এই দৰে বাৰও মাহ সমান তাপ থকা ঠাই পৃথি- বীৰ সকলো অংশতে আছে; মাত্ৰ কোনো ঠাইত কিছু ওপৰত