পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৩৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৮
প্ৰাকৃত-ভূগোল।

দিয়েক শিলত তেওঁ পানীৰ সমানে বাৰ কাটি থয়। ১৪ বছৰৰ পাছত তাক চাই দেখিলে যে সিমান দিনত সেই শিল ৫ ইঞ্চি ওপৰ উঠিল। সেই চাহাবে ইত্যাদি প্ৰমাণ কৰি নিরূপণ কৰে যে উত্তৰ অন্তৰীপৰ পৰা দক্ষিণে ষ্টকহলম পৰ্য্যন্ত, স্কেণ্ডেনেভিয়াৰ এশ বছৰত উৰ্দ্ধ ক্ষেপণৰ নিৰিখ, কেবা ফুটৰ পৰা ইঞ্চি দিয়েকলকে ক্ৰমে কমি আহিছে। সাগৰৰ পাৰৰ লগে লগে ভিতৰৰ দেশো ক্ৰমে উঠে কিন্তু তাৰ চিন ধৰিব নোৱাৰি।

  বৰ্ত্তমান যুগৰ ভিতৰত ভূমধ্যসাগৰ তললৈ বহি, যোৱাৰ প্ৰমাণ নেপল্চ‌্‌ উপসাগৰত পোৱা যায়। তাত পূৰ্ব্বে পাৰত থকা মন্দিৰ এটাৰ খুটা, ভেটি, নৰকৈ থিয় হৈয়ে ক্ৰমে সাগৰৰ ওপৰত খুটাৰ আগ ওলাই থকা দেখি প্ৰথমতে বিস্ময় হব লাগে। পীৱাল পোক বিলাকৰ দ্বীপ নিৰ্ম্মাণ কৰা দস্তুৰ দেখি জনা যায় ভাৰত সমুদ্ৰ আৰু স্থিৰ সমুদ্ৰৰ যঁত যঁত লাক্ষা দ্বীপ, মালয় দ্বীপ, পোৱালৰ দ্বীপ অষ্ট্ৰেলিয়াৰ কাসৰৰ পোৱালে সজা মগ্ন-গিৰি আছে সেই কিভাগ ক্ৰমে বহি গৈছে।

  বৰ্ত্তমান কালত ভূমি আৰু সমুদ্ৰৰ যি সীমা আছে সি ক্ষণ স্থায়ী, হাজাৰ দিয়েক বছৰৰ নিমিত্তে থকা যেন দেখি, পাছলৈ লৰ দেখা যাব। ভূ-তত্ব-বেত্তা বিলাকে যিমান কালত পৃথিবীৰ ওপৰত কোনো পৰিবৰ্ত্তন হয় বুলি স্থিৰ কৰিছে, তেনে কালৰ মানত অল্প হোৱা কালৰ পূৰ্ব্বে, উত্তৰ আশিয়া আরু উত্তৰ ইউৰোপ এই দুই বিস্তীৰ্ণ সমন্থল সমুদ্ৰৰ গৰ্ভৰ পৰা উঠিছে। তাৰ কিছু পূৰ্ব্বে অৰ্থাৎ মধ্য তৃতীয়ক ফালত ইউৰোপৰ মধ্য দেশত আরু আশিয়াৰ মধ্য দেশত এক বিস্তীৰ্ণ সমুদ্ৰ থাকি আল্পচ্‌ পৰ্ব্বতৰ মূল দেশ ধৌত কৰিছিল। হিমালয় অনেক কাল পূৰ্ব্বে তৃতীয়ক যুগাংশলকে সমুদ্ৰৰ তলত আছিল; পাছে দক্ষিণ ফালৰ পৰা আশিয়া আরু ইউৰোপ সমুদ্ৰৰ পৰা উঠি গিৰি ৰাজ নাম পাইছে। হিমালয়ৰ লগে লগে