পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৩৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৫
ভূ-ভাগৰ বাহিক গঠন আরু সন্নিবেশ।
 

মানুহ স্ৰজনৰ কালেই আমোলকৰ মানত কিমান পুৰণা। সেই প্ৰস্তৰ বিলাকৰ নাম আরু সৃষ্টি যুগানুক্ৰম আগত দিয়া তালিকা পৰা জনা যাব।

 পৃথিবীৰ স্তৰ বিলাক পৰীক্ষা কৰি দেখিলে জনা যায়, যে যি ভূমিক আমলোকে সুদৃঢ় আরু অচল বুলি ভাবোহক, যি পৰ্ব্বত বিলাকক নগ বুলি ভাবোঁহক, যথাৰ্থতে সেই সকল বিলাক সচল আরু পৰিবৰ্ত্তনীয়। এক সময়ত যি ঠাইত সমুদ্ৰ আছিল এতিয়া তাত পৰ্ব্বত হৈছে যত এতিয়া পৰ্বত আছে কি জানি কালক্ৰমে তাত সমুদ্ৰ হব। হিমালয়, নগা-পৰ্ব্বত প্ৰভৃতি যি ঠাইত আছে, তৃতীয় যুগত তাত অনেক অনেক হাঙ্গৰ, তিমী প্ৰভৃতীএ সমুদ্ৰ বিলোড়িত কৰিছিল আরু অনেক নদী সেই সমুদ্ৰত পৰি তাৰ তৰপ খিনি গোটাইছিল। এতিয়া সেই বিলাকৰ চিন স্বরূপ পৰ্ব্বতৰ টিঙ্গৰ ওপৰত হাঙ্গৰ মাছৰ হাৰ পৰি আছে। যি বিলাক চূণ-শিল পৰ্ব্বতৰ পৰা অনা যায়, তাক ভাঙ্গি অনুবীক্ষণেৰে পৰীক্ষা কৰিলে সেই বিলাক ৰ এবিধ সামুদ্ৰিক কীটামুৰ গোট খোৱা হাৰৰ দঁম বুলি জনা যায়। যি খড়িমাটিৰে বৰ ফলিত লিখা যায় যাক ইংলণ্ডৰ কেণ্ট টাঙ্গনীৰ পৰ্ব্বত বিলাকৰ পৰা বোজা বোজে অনা হয় সিও এবিধ সামুদ্ৰিক কীটাণুৰ শৰীৰ। শ্ৰীহট্ট জিল্লাৰ লবৰ পৰ্ব্বত বিলাকত হাঙ্গৰ, কুম্ভীৰ আরু ৰৌ মাচৰ অনেক হাৰ, দাঁত পোৱা গৈছিল।

 পৰ্ব্বত কি ভৈয়াম য'ৰে ত'ৰে স্তৰ পৰীক্ষা কৰি চালেই ইয়াৰ প্ৰমাণ পোৱা যায়। সাগৰৰ তলী পৰীক্ষা কৰিলে জনা যায় যে য'ত এতিয়া সাগৰ আছে ত'ত পূৰ্ব্বে বাম মাটি আছিল। ইংলণ্ডৰ দক্ষিণ পাৰত আৰু ফ্ৰাঞ্চ দেশৰ উত্তৰ পাৰত যেতিয়া কোটাল ভাটা হয় তেতিয়া কেবা ঠাইত সাগৰৰ তলী ওলায়। সেই বিলাকত গছৰ মুঢ়া প্ৰভৃতি আগৰ কালৰ অৰণ্যৰ চিন পোৱা গৈছে। “১২৪৪ বাঙ্গালা শকত ৰাজ পুরুষ বিলাকৰ আজ্ঞাত ফোৰ্ট উইলীয়ম গড়ৰ ভিতৰত এঠাইত