পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৪
প্ৰাকৃত-ভূপোল।

বৰষুণৰ দ্বাৰা ক্ষয় হৈ আরু তাৰ গুৰি বিলাক সাগৰৰ তলত জাপে কাপে গোটখাই, আরু প্ৰাণী বিলাকৰ মৃত দেহে সৈতে মিহ- লি হৈ, বারুণ স্তৰ বিধ তৈয়াৰ হঁল। সাগৰৰ তলীত তৈয়াৰ হৈছিল বাবে স্তৰ বোলা হয়। বারুণ স্তৰ বিধৰ কোনো বিলাক টান আরু কোনো বিলাক ঢিলা আছে। বহু তলত ওপৰৰ তৰপ খিনিৰ হেচা আরু পৃথিবীৰ অন্তৰৰ তাপ পাই সেই বিলাক টান হল। এই শ্ৰেণীতে চূণ শিল, বালি শিল, স্লেট্‌ প্ৰন্তৰ নাগ মাটি বা কয়লা ইত্যাদি পৰে; ঢিলা বারুণ স্তৰ বিধৰ ভিতৰত সাধাৰণ মাটি, খড়ি মাটি, আলটীয়া মাটি, কুমাৰ মাটি, বালি প্ৰভৃতি বস্তু ধৰা হয়। বারুণ প্ৰন্তৰৰ পঞ্চাশতকৈও সৰহ তৰপ আছে; সিহঁতৰ লক্ষণ মিলাই সিহঁতক ১১ শ্ৰেণী কৰা হৈছে। আরু স্তৰ বিলাক সময়ত পৃথিবীত বাস কৰা জন্তু বিলাকৰ পৰা কাল নিরূপণ কৰি সৃষ্টিৰ যুগানু ক্ৰম স্থিৰ কৰা হৈছে।

  এক এক তৰপ স্ৰজন হবলৈ কেই হাজাৰ বৎসৰ লাগি- ছিল আরু আগ্নেয় স্তৰৰ পৃথিবী খন অত বিলাক বারুণ স্তৰেৰে আবৃত হবলৈ কিমান কল্প লাগি ছিল, তাক অনুমান কৰা সাধ্যাতীত। কিন্তু সকোলোএ জানে বৰ্ত্তমান কালত নৈয়ে এৰা সুতি এটাই, কেবা পুরুষতো পোত নঁগৈ বিল হৈ থাকে। বঙ্গদেশ যেনেকৈ ব্ৰহ্মপুত্ৰ আরু গঙ্গা নদীএ অনা মাটিৰে পতা হৈছে। মিশৰ দেশ খনন সেইদৰে নীল নদীএ অনা মাটিৰে পতা হয়। মচুৰ গিৰাৰ্ড চাহাবে কয় যে নীল নৈৰ বোকাত মিশৰ দেশ খন ১০০ বছৰৰ ভিতৰত ৫ ইঞ্চি মাত্ৰ পোত যায়। সেই চাহাবেই লেখে যে এক স্তৰ মাটি জাপ লবলৈ কিমান দিন লাগিব মন কৰা। পৃথিবী মানুহৰ আবাস স্থান হবৰ চিন শিলৰ খঞ্জি, কুঠাৰ, অলঙ্কাৰ প্ৰভৃতি, মাত্ৰ ৪ৰ্থ যুগৰ মৃত্তিকা স্তৰৰ নিচেই ওপৰৰ তৰপ বিলাকততহে পোৱা গৈছে। তেনে অলপ দিনীয়া