পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৩
ভূ ভাগৰ বাহ্যিক গঠন আরু সন্নিবেশ।

  ক্ৰমে ক আৰু খ পৰ্ব্বতৰ মাজৰ উপত্যকাও সাগৰৰ ওপৰ হল, কিন্তু তেতিয়াও ঘ ছ ৰ ওপৰৰ তৰপ খিনি সমুদ্ৰৰ তলতে আছিল। এই নিমিত্তে তাত আরু তিনি তৰপ ১৩, ১৪, ১৫ জাপ খালে বা পতা হল। পাছত কোনো কাৰণত ঘ ছৰ ওপৰৰ এটাই ভিতৰপ ক চ খ তৰপ বিলাকৰ পৰা ঘ ঠাইত ভাগি এৰাল। আরু ছ গ তৰপ খিনি গ ঠাইত ভাগি গ ঘ তৰপ বিলাকৰ পৰা এৰাল আরু সিহঁতৰ স্থান লৰিল। ছ গ ৰ তৰপ খিনি সমুদ্ৰৰ ওপৰ উঠিল আরু গ ঘ ৰ তৰপ বিলাক যদিও কিছু ওখলৈ উঠিল তথাপি সমুদ্ৰৰ ওপৰ হব নোৱাৰিলে। এই নিমিত্তে তাৰ ওপৰত আরু চাৰি তৰপ ১৬, ১৭, ১৮, ১৯, মাটি পতা হল। ক্ৰমে ছ ঘৰ ওপৰৰ এই খিনি তৰপ আরু এদোপ উঠিল; এইবাৰ সম্পূৰ্ণে সমুদ্ৰৰ ওপৰ হল আরু সমুদ্ৰ হুহঁকি ছ গৰ বাওঁ ফাললৈ গল।

  পৰ্ব্বতীয়া ঠাইত তৰপ বিলাক ভাজ লগা আরু সমান ঠাইত পোন দেখি। অনেক ঠাইত ভাঁজ লোৱা স্তৰৰ তৰপ বিলাকৰ মুৰ ওপৰলৈ ওলোৱাত সেই ঠাইত কি কি তৰপ আছে আরু কোন বিলাক তৰ- পৰ পূৰ্ব্বে কোন বিলাক পতা হৈছিল, তৰপৰ মুৰ বিলাকৰ দ্বাৰায় স্থিৰ কৰিব পাৰি। ১৩শ প্ৰতিকৃতিত থ পৰ্ব্বতৰ গড়াত ৫, ৬, ৭, ৮, ৯ তৰপ, আরু প পৰ্ব্বতত ৮, ৯, ১০, ১১, ১২, ১৩, ১৪ তৰপৰ মুৰ ওলাইছে। তললৈ খানিও এই বিষয় স্থিৰ কৰিব পৰা হয়। ইত্যাদি উপায় দ্বাৰা ভূতত্ত্বজ্ঞ পণ্ডিত বিলকে স্থিৰ কৰিছে যে ভূমণ্ডলত প্ৰধান দুবিধ প্ৰস্তৰ আছে:— আগ্নেয় স্তৰ আরু বারুণ স্তৰ। প্ৰানিট, নিচ্‌, অভ্ৰ স্তৰ, পৰ্ফৰি, বাচাল্ট ইত্যাদি অগ্নিৰ সহায়ত দ্ৰৱ হই পাছে কেঁচা পৰি যি বিলাক প্ৰস্তৰ উৎপন্ন হৈছিল তাৰ নাম আগ্নেয় স্তৰ :— এই বিলাকত তৰপা তৰপি চিন নাই, তাত কোনো প্ৰাণীৰ মৃত দেহ পোৱা নাযায়, আৰু সিহঁত টান। সৰ্ব্ব প্ৰথমে পৃথিবী এই বিধ টান স্তৰৰেই আছিল কিন্তু পাছত তুষাৰ আরু