পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২২
প্ৰাকৃত-ভূগোেল।

১৩শ প্ৰতিকৃতিত তৰপ বিলাকৰ ভাৱ দেখুৱা হৈছে। ইয়াত দুই নক্সাৰ তৰপ দেখা যায় এবিধ সমান এবিধ বেকা। মাটি বালি প্ৰভৃতি বস্তু বিলাকৰ এনে তৰপা-তৰপি দেখি আরু তাত মিহলি হৈ থকা সমুদ্ৰৰ জন্তুৰ হাৰ আদি অবশিষ্ট বস্তু পাই বোধ হয় যে নৈৰ পৰা উটি যোৱা মাটি বালি খিনি নিগৰি সমুদ্ৰৰ তলীত এইদৰে গোট খাইছিল। প্ৰখমে ১ তৰপৰ পৰা ৯ তৰ- পলকে এই খিনি তৰপ সমুদ্ৰ তলীত পতা হৈছিল, কিন্তু কোনো এক সময়ত সেই বিলাক তৰপ ক খ এই দুই ঠাইত তলৰ পৰা কিবা ঠেলা পোৱাত সমুদ্ৰৰ ওপৰলৈ ওলাল আরু চ ঠাইত দোপা পৰা হৈ পূৰ্ব্বৰ দৰে সমুদ্ৰৰ তলত থাকিল। আরু সেই সময়তে সেই বিলাক তপৰৰ ঘ ছ ভাগৰো কোনো ঠাইত দোপা পৰা আৰু ঢৌ উঠা হল; কিন্তু সমুদ্ৰৰ ওপৰ নহল। খ আরু ক ঠাইৰ তৰপ বিলাক তাৰ ওপৰত পৰা তুষাৰ আরু বৰষুণে ভালে তিনি খহাই নি চ আরু ঘ ছৰ ওপৰত নতুনকৈ ১০, ১১, ১২ এই তিনি তৰপ পাতিছিল।