পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২১
ভূ-ভাগৰ বাহ্যিক গঠন আরু সন্নিবেশ।

অহা কলেৰেড্‌, নৈৰ ওখ শিলাময় গড়াৰ নিচনা নৈৰ গড়া, বা সাধাৰণ নৈৰ গড়া মন কৰি চোৱা যায়, তেন্তে এই কথাৰ প্ৰমাণ পোৱা যায়। আজি কালি অনেক ঠাইত পৰ্ব্বত কাটি বাট কৰা গৈছে। বাটৰ দাঁতিত থকা পৰ্ব্বতৰ থিয়- গড়াতো শিল আৰু মাটি তৰপে তৰপে পাতি থোৱা দেখায়।

  এইদৰে পৃখিবীৰ ভিতৰত যত মানে তৰপ দেখা যায় সকলোৰে ইতিহাস এটি কৰিব পাৰি। আরু কাৰ্য্যতো এই দৰে কৰা হৈছে। মাটি বালি শিল প্ৰভৃতি বস্তু বিলাকক স্তৰরূপে থকা পোৱা যায় বুলি সকলোকে ভূতত্ত্ব-শাস্ত্ৰত স্তৰ বোলে। স্তৰ বিলাকত পোৱা জন্তু বিলাকৰ হাৰ আদি বস্তুৰ দ্বাৰা তৰপ বিলাকৰ ইতিহাস স্থিৰ কৰাত অনেক সহায় পোৱা যায়। বিশেষতঃ পৰম্পৰৰ বহুত অন্তৰত থকা স্তৰ বিলাকৰ ইতিহাস চৰ্চাত আরু সময় সঙ্ঘটিত কোনো সিদ্ধান্ত কৰাত এই বিলাক বস্তুৰ জ্ঞান অত্যন্ত আৱশ্যক। কাৰণ কাল যেনেকৈ পৰিবৰ্ত্তন হৈছে, সেই দৰে প্ৰাণী জাতৰো পৰিবৰ্ত্তন হব লাগিছে। ইংলণ্ড দেশত আরু সাইবেৰিয়াত হাজাৰচেৰেক বছৰৰ পূৰ্ব্বে চুঙৰি পহুৰ নিচিনা দীঘল নোম লগা এবিধ হাতী আছিল। আমালোকৰ মঁৰা হাতী বিলাকতকৈ দুগুণ মান ডাঙ্গৰ হব; সিহঁতৰ দাঁতেই আমালোকৰ হাতী বিলাকৰ ঠেঙ্গৰ সমান ডাঙ্গৰ আছিল আরু হাতীমান ওখ ডাঙ্গৰ এবিধ সৰ-পহু আছিল। দুই খড়গ থকা এবিধ গঁড় আছিল। তাৰো পূৰ্ব্বে এবিধ হাতীৰ সমান ডাৰ সিন্ধু-ঘোটক আছিল। আজি কালি সেই বিলাক জন্তুৰ চিন মাত্ৰ আছে। ইংলণ্ডৰ ৰজা দ্বিতীয় চাৰ্লচৰ দিনত অৰ্থাৎ ছ-শ বছৰ মানৰ পূৰ্ব্বে, নাৱৰীয়া বিলাকে মৰিচচ্‌ দ্বিপৰ পাৰৰ শিলৰ ওপৰত বহি থকা ডডঁ নামে হাঁহৰ লগৰ পাখি বিহীন কদাকাৰ এবিধ চৰাই দেখিবলৈ পাইছিল। কিন্তু এতিয়া তাৰ চিনো পাবলৈ নাই-

কিয়া হল।

১১