পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২০
প্ৰাকৃত-ভূগোল।

কাণে ওখ পৰ্ব্বত আছে; তাৰ উচ্চতা গড়ে ৬০০ ফুট মান হব। এই নিমিত্তেই ব্ৰহ্মপূত্ৰেদি উজাই আহিলে এই দেশ খন পৰ্ব্বতীয়া যেন লাগে। কিন্তু এই দুই শাৰি পৰ্ব্বতৰ দক্ষিণলৈ বা উত্তৰলৈ গলে সুবিস্তীৰ্ণ সমস্থল পোৱা যায়। আসাম সমস্থল ব্ৰহ্মপুত্ৰলৈ দুইদাঁতিৰ পৰা হেলনীয়া অথচ পশ্চিমলৈকো ক্ৰমে নিম্ন। আসাম দেশৰ ভূমিক তিনি শ্ৰেণী কৰিব পাৰি; প্ৰথম, পাৰ্ব্বত্য; মিকিৰ বিশ্বনাথ কলীয়া বৰ আরু দাঁতিৰ পৰ্ব্বত বিলাক। দ্বিতীয় সমথল বাম; এই বিলাক ঠাই ব্ৰহ্মপুত্ৰ বা তাৰ কৰতলীয়া নদীৰ পানীত সততে ডুব নাযায়; ই কিছু পৰিমাণে আওগড়ীয়া; যেনে গে লাঘাট মহকুমা, দৰঙ্গ জিল্লা, পূব-দুৱাৰ ইত্যাদি। তৃতীয় সমথল দ; ই ওপৰৰ দুইবিধ ঠাইৰ বৰষুণৰ পানীত উটি অহা মাটিৰে সম্পূৰ্ণে বা ভগিয়াকৈ পতা হয়। এই কাৰণ ই কঁলা, সারুৱা, দ, আরু প্ৰায় সমান যেনে:-মাজুলি চাপৰি, শিৱসাগৰ, লক্ষিমপুৰ, নগাওঁ, সম- থল দ ঠাই অৱশ্যে ব্ৰহ্মপুত্ৰৰ নিচেই কাসৰতে থাকে।

⸺⸻

নৰম অধ্যায়।

পৃথিবীৰ অন্তৰ ভাগ।

গৰ অধ্যায়ত পৃথিবী-পৃষ্ঠৰ সংক্ষিপ্ত বিবৰণ দিয়াহল; কিন্তু পৃথিবীৰ অন্তৰ ভাগে সৈতে ওপৰভাগৰ নিকট সম্বন্ধ থকা বাবে অন্তৰ ভাগৰ নো কি প্ৰকৃত অৱস্থা পাঠক সকলক জানোৱা উচিত। পৃথিবী পৃষ্ঠৰ যি বাহ্যাকৃতি দেখা গল সি অনেকাংশে পৃথিবীৰ অন্তৰৰ অৱস্থাত নিৰ্ভৰ কৰে। পৃথিবীৰ ওপৰৰ পৰা ৬০,০০০ ফুটমান দ-লকে মাটি বালি শিল প্ৰভৃতি তৰপীয়া হৈ আছে। য'তে গাত খনা হয় বা য'তে কোনো পৰ্ব্বতৰ ফাট বা ওপৰত কৈ