হিমালয় পৰ্ব্বতৰ নামৰ শাৰি বিলাক, দক্ষিণে গাৰো পৰ্ব্বত, খাচিয়া জয়ন্তী আরু নগা পৰ্ব্বত শাৰি। পূবে মিচিমি চিংফৌ আদি পৰ্ব্ব- তীয়া জাতি থকা পৰ্ব্বত বিলাক। এই সমথল-উপত্যকা দীঘে প্ৰায় ৫০০ মাইল আরু বহলে গড়ে ৬০ মাইল হব। দুই দাঁতিৰ পৰ্ব্বত দুশাৰি সমান্তৰাল নোহোৱাত সকলো ঠাইতে পুতলে সমান নহয়। আসাম উপত্যকা গোৱাল পাড়াৰ পৰা গোলাঘাটলকে পূবা- পশ্চিমা আরু গোলাঘাটৰ পৰা সদীয়ালঁকে এই ভাগ ভাঁজলৈ প্ৰায় ঈশান-নৈঋত্য ভাৱে আছে। ব্ৰহ্মপুত্ৰ নদে এই উপত্যকাক ভাগ কৰি তাৰ ভাঁজে ভাঁজে বৈছে। আসাম প্ৰদেশ প্ৰকৃত পক্ষে ভাৰত বৰ্ষৰ আন আন ঠাইৰ পৰা বহুত লৰ নহয়। তাৰ আন- আন ঠাইত যি কেইটা ঋতু আছে সেই কেইটা ইয়াতো আছে; মৌচুম বাতে আসামৰ নিচেই পূবৰ চুককো লৰাইছেহি, ভাৰত- বৰ্ষৰ আন আন ঠাইৰ জাৰ জহ আরু এই দেশৰ জাৰ জহৰ বহুত তাৰতম্য নাই। কিন্তু ভাৰতবৰ্ষৰ সাধাৰণ প্ৰাকৃতিক ধৰ্ম্মৰ বাহি- ৰেও উপত্যকা সম্বন্ধীয় কিছু মান ধৰ্ম্মযোগ আছে—বাৰিষা কালত পানীৰে অনেক ঠাই বুৰি থাকে; মৌচুম বাতৰ দিশ আন ঠাইৰ দৰে নঁহৈ উপত্যকাৰ দিশে-দিশে বয়; কোনো সময়ত নিৰ্ব্বাত নিষ্কম্প বাযু বিৰাজ কৰি মাধ্যাহ্ন ৰৌদ্ৰৰ তাপ যথাৰ্থতকৈ দ্বিগুণ বেচি যেন বোধ কৰায়; কোনো সময়ত অহৰহ ধাৰাসাৰ বৰষুণ পৰি ৭। ৮ দিন লঁকে সূৰ্য্যকে একেবাৰে নেদেখা কৰি থয়।
আসাম দেশ পাৰ্ব্বত্যকা নহলেও পৰ্ব্বত যুক্ত। উপত্যকাক বেঢ়ি থকা পৰ্ব্বত বিলাকৰ বাহিৰেওঁ আসাম সমথলৰ পৰা ফুটি ওলোৱা দৰে গোটা দিয়েক অসংশ্লিষ্ট পৰ্ব্বত আছে; যেনে নগাওঁৰ মিকিৰ পৰ্ব্বত; ই সমুদ্ৰ জল সীমাৰ পৰা ২০০০ ফুট ওখ, জয়পুৰৰ পৰ্ব্বত গড়ে ৪০০ ফুট ওখ, বিশ্বনাথ আরু কলিয়াবৰৰ পৰ্ব্বত। ধুবুৰিৰ ভাটিৰ পৰা তেজপুৰলকে দুপিনে দুসাৰি ব্ৰহ্মপুত্ৰৰ কাণে