পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১২৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৬
প্ৰাকৃত-ভূগোল।

খাই তৃষ্ণা দূৰ কৰিবলৈ আহ্বান কৰে। কিন্তু কি আশ্চৰ্য্য! তাৰ ওচৰ পথুকে কেতিয়াও চাপিব নোৱাৰে। দুৰ্ভগীয়াই যিমান লৰ দি আগ বাঢ়ে মিচা সৰোবৰেও সিমান হুহঁকি আতৰি যায়। চাৰি পাঁচ মাইল এই দৰে পাছে-পাছে খেদি গৈ থাকোতে অকস্মাৎ সেই সৰোবৰ অন্তৰ্দ্ধ্যান হয়! পথুক হাৰা-শাস্তি হৈ অন্তত জ্ঞান পাই বালিতে বিশ্ৰাম কৰে। যি বিলাকে এনে দৃশ্য ঘনে-ঘনে দেখি টেঙ্গৰ হঁল তেওঁ বিলাকক এই মৃগ তৃষ্ণা বা মৰীচিকাই তু-তুৱাব নোৱাৰে। ৰঁদৰ তাপত বালিৰ পৰা ভাপ উঠে; এই ভাপ-বায়ু নিষ্কম্প থকাত বহুত ওপৰলৈ নাযায়; মাজতে ওলমি থাকে। এই ভাপ-বায়ুৰ নিচিনা অদৃশ্য, কিন্তু ঘন। অথবা তলৰ বায়ু তৰপ তপত বালিত লাগি থাকি ওপৰৰ তৰপতকৈ আপেক্ষিক সেৰেঙ্গা হয়। ওপৰৰ বায়ু তৰপ বা ভাপ খিনি ঘন হোৱা বাবে তাক পৃথিবীৰ সমান্তৰালকৈ ওপৰত আৰিথোৱা এখন আৰ্চিৰ নিচিনা বুলিব পাৰি। কাৰণ আলোক কিৰণৰ প্ৰতি নিৰ্ম্মল আৰ্চি, নিৰ্মল পানী আরু বায়ু বা ভাপ একে অৰ্থাৎ স্বচ্চ, মত্ৰ ভিন্ন এই বায়ু পাতল বা সেৰেঙ্গা, আৰ্চি আরু পানী ঘন। তেনে হলে যদি কোনো কাৰণত বায়ু বা ভাপ, দৰ্শকৰ ওচৰৰ ভাপ বা বায়ুত কৈ ঘন হয় তেন্তে অৱশ্যে পানী আরু আৰ্চিৰ গুণ সিহতেও পাব। এই নিমিত্তে দূৰত সৰোবৰ বা উদ্যান থাকিলে ওপৰত ওলমি থকা ঘন বায়ু বা ভাপৰ তৰপৰ ওপৰত সেই বিলাক প্ৰতিফলিত হৈ ওচৰত থকা যেন দেখা যায়। কেতিয়াবা বালিৰ ওপৰতে কেবা মাইলো যুৰি ঘনকৈ এতৰপ ভাপ থাকিও এডৰা পানীৰ নিচিনাকৈ ওচৰৰ বস্তুৰ বা মেঘৰ প্ৰতিবিম্ব ধাৰণ কৰে। সেই তৰপ ভাপৰ মাজে পথুক গঁলে দূৰত পানীডৰা যেন দেখে; কোনো বৈজ্ঞানিক নিয়ম মতে ওচৰত দেখিব নোৱাৰে। গৈ থাকোতে সেই ভাপ তৰপ অন্ত পৰে; তেতিয়া সৰোবৰ যেন দৃশ্য